নাৰী ...পৃথিৱীৰ শ্রেষ্টতম কবিতা।
নাৰী…..পৃথিৱীৰ শ্ৰেষ্ঠতম কবিতা।সৌন্দৰ্যৰ আকৰ।নাৰী অবিহনে জানো পৃথিৱীৰ সৃষ্টিৰ সম্ভাৱনাক কল্পনা কৰিব পাৰি?প্ৰকৃততে পৃথিৱীখনক যিয়ে ইমান বৈচিত্ৰময় কৰি ৰাখিব পাৰিছে তাৰ ভিতৰত নাৰীও অন্যতম।নাৰী তেজস্বীনী।নাৰীৰ সৌন্দৰ্যই কোনো সৃষ্টিকাৰী লিখকৰ লিখনিৰ আধাৰ হৈ পৰে,কোনো শিল্পীৰ হৈ পৰে তুলিকা।নাৰী মানেই যেন ত্যাগৰ প্ৰতিমূৰ্তি..।প্ৰতিগৰাকী নাৰীয়েই জন্মৰে পৰা গাত মেৰিয়াই লয় ত্যাগৰ একো একোটা মহান চোলা...।
নাৰীৰ সৌন্দৰ্যত দেহৰ সৌন্দৰ্যৰ লগতে মনৰ সৌন্দৰ্য তথা ব্যক্তিত্ব, বুদ্ধিমত্তা, সৃজনীশীলতা আদি সাঙোৰ খাই আছে।এগৰাকী নাৰীৰ মাজত লুকাই থাকে প্ৰচুৰ বুদ্ধিমত্তা আৰু সৃজনীশীলতা।অন্যহাতে প্ৰতিটো মহান সৃষ্টিৰ আঁৰটো লুকাই থাকে একোগৰাকী নাৰী।কেৱল দৈহিক ভাবে সুন্দৰ হলেই এগৰাকী নাৰী সুন্দৰ হব নোৱাৰে।নাৰী সৌন্দৰ্যৰ মূল আধাৰ হল এটি সুন্দৰ মন আৰু ব্যক্তিত্ব।প্ৰখৰ মেধা আৰু বুদ্ধিমত্তাৰ ফলত আজিৰ নাৰী উন্নতিৰ শিখৰত আৰোহণ কৰিছে।অমৃতা প্ৰীতম, মহাশ্বেতা দেৱী, টছলিমা নাচৰিন, মেধা পাটকাৰ আদিৰ দৰে নাৰীয়ে তাৰুণ্য বজাই ৰাখিছে।যত দেহৰ সৌন্দৰ্যতকৈ মনৰ সৌন্দৰ্যই হে প্ৰাধান্য পাইছে।সেয়ে হয়তো কবিৰ কলমেৰে নিগৰিছে
" তৰা বিলাক আকাশৰ কবিতা।
পৃথিৱীৰ কবিতা নাৰী।".....
No comments:
Post a Comment