Thursday, January 28, 2021

Assamese micro story ,Onugalpaঅণুগল্প

                              (৩)

                             অদৃষ্ট


    বিভূতিভূষণ চলিহাই কোনোদিনে অদৃষ্ট বা ভাগ্যক বিশ্বাস কৰা নাছিল।কিন্তু সেই দিনা তেওঁৰ একমাত্ৰ পুত্ৰ-বোৱাৰী আৰু তেওঁৰ কলিজাৰ এফাল নাতিনী জনী বিয়া এখন খাবলৈ বুলি ওলাই গৈ বগা কাপোৰৰ তলত উভতি আহিছিল।তেওঁলোকৰ গাড়ীখন বোলে বালিভৰ্তি ডাম্পাৰ এখনে মহতীয়াই থৈ গৈছিল।জীৱনৰ প্ৰতি থকা সকলো মায়া মোহ হেৰুৱাই এতিয়া চলিহাই সকলো অদৃষ্ট ৰ লিখন বুলিয়েই সান্তনা লভে।

                              ––––––

                                  (৪)

                               স্বপ্নভংগ


       "তুমি এটা বিশ্বাসঘাটক, ঠগ,প্ৰৱঞ্চক।মই তোমাক ঘৃণা কৰোঁ।আৰু কেতিয়াও তুমি মোৰ সন্মুখলৈ নাহিবা"  

            এইদৰে কৈ কান্দি কান্দি গুচি যোৱা ৰিমিৰ ফালে চাই চাই মৃগাংক ই ভাবিলে........

 "তোমাক কেনেকৈ বুজাও ৰিমি,তোমাক মোৰ পৰা আঁতৰাই পঠাবলৈকে মই ঘৰত ছোৱালী ঠিক কৰাৰ নাটকখন কৰিলোঁ কাৰণ ডাক্টৰৰ মতে মোৰ যে আয়ুস মাত্ৰ তিনিমাহ"।


                           __________


                            (৫)

               

                           বাজি


   

   " বিয়াৰ পাছৰে পৰা প্ৰতিবাৰেই তুমিয়েই জিকি আহিছা, এইবাৰটো মোক জিকিবলৈ দিয়া।"


        মৃত্যু শয্যাত পৰি থকা প্রিয় মানুহজনে সেহাই সেহাই কোৱা কথা কেইষাৰ শুনি তেওঁ বুকুত এটা তীব্ৰ বিষ অনুভৱ কৰিলে। হৃদয়ৰ সমস্ত দুখ এটা মিচিকিয়া হাঁহিৰে ঢাকি লৈ তেওঁ কপা কপা ওঁঠেৰে প্রিয় পুৰুষজনৰ কপালত এটা চুমা আঁকি দিলে।


           বিয়াৰ পাছতে কোনোবা এটা মধুৰ সময়ত ধেমালিতে তেওঁলোকে বাজি মাৰিছিল।বাজি অনুসৰি যি জন জিকিব তেওঁৰ কপালত হৰাজনে হাঁহি মুখে এটা চুমা আঁকি তেওঁক শেষ বিদায় জনাব।


(বিশিষ্ট গল্পকাৰ ডঃ ভৃ‌‌‌ংগেশ্বৰ শৰ্মা দেৱৰ গল্প

"মৃত্যু সম্পৰ্কীয় এটা বাজি" ৰ ছাঁ লৈ লিখিবলৈ প্ৰয়াস কৰিলোঁ।)

                       _________


                         (৬)


                  অপ্ৰত্যাশিত


"ঘৰত কোন আছে? কোনোবা আছেনে ঘৰত?"

বাহিৰত কাৰোবাৰ মাত শুনি ধুবলৈ লোৱা বাচন খিনি তাতে এৰি হাততো ধুই নন্দিনী ওলাই আহিল।এগৰাকী বৃদ্ধা,হাতত কেইখনমান কাগজ লৈ চোতালতে ৰৈ আছে।পিন্ধনত মলিয়ন কাপোৰ।নন্দিনীক দেখি বৃদ্ধা গৰাকী আগবাঢ়ি আহি কলে--"আই, মোৰ অসুখ হৈছে।চিকিৎসা কৰিবলৈ পইচা নাই।কেইটামান টকা দি মোক উদ্ধাৰ কৰা আই।এইকেইখন ডাক্তৰৰ কাগজ।"

হাতত থকা কাগজকেইখন নন্দিনীলৈ আগবঢ়াই দিলে।

          বৃদ্ধা গৰাকীক বহিবলৈ দি নন্দিনীয়ে পানী এগিলাজ আগবঢ়াই দিলে।

  "আইতা আপোনাৰ ঘৰত কোনো নাই নেকি?"

  "সেইবোৰ কথা সুধি দুখ নিদিবা আই।থাকোতে সকলো আছিল।আজি লগতহে নাই।মোৰ বোৱাৰীজনীক সকলোৱে চিনি পায়, তুমিও পাবা চাগে?তৰুলতা হাজৰিকা ,প্ৰফেছাৰ।"

         বৃদ্ধা গৰাকীৰ হাতত কেইটামান টকা গুজি দি নন্দিনীয়ে তেওঁক বিদায় দিলে।তেওঁ ঠিকেই কৈছে।হয় তাই তৰুলতা হাজৰিকা ক ভালকৈয়ে চিনি পায়।স্থানীয় কলেজ খনৰ প্ৰবক্তা,সমাজ সেৱিকা।কেইদিনমান আগতে নন্দিনীহতঁৰ গাঁৱত হোৱা অন্ধবিশ্বাসৰ সম্পৰ্কত সজাগতা সভা খনত তেওঁ বহুতো ভাল ভাল কথাৰে বক্তৃতা আগবঢ়াইছিল।


                           _________

No comments:

Post a Comment

চুটিগল্প

চুটিগল্প:-জীৱনৰ ৰং               চৰম দুৰ্যোগৰ সেই দিনবোৰতে তেওঁ আহিছিল মোৰ জীৱনলৈ।ভাঙি পৰা মইজনীক তুলি ধৰিছিল আলফুলকৈ।ক'ব নোৱাৰাকৈয়ে মই ...