Saturday, August 21, 2021

স্বাধীনতা আন্দোলনত অসম


স্বাধীনতা আন্দোলনত অসম


                  বৃটিছসকলক আমাৰ দেশৰ পৰা বিতাড়িত কৰিবৰ বাবে গোটেই দেশজুৰি যি যুজঁ বা বিদ্ৰোহে গা কৰি উঠিছিল তাৰ প্ৰভাৱ দেশৰ আন ৰাজ্যৰ লগতে আমাৰ অসমতো পৰিছিল।অসমত হোৱা এই বিদ্রোহসমূহত বহুতো অসমীয়াই অংশগ্ৰহণ কৰি দেশৰ হকে প্ৰাণ আহুতি দিছিল।১৮২৬ চনত "ইয়াণ্ডাবু সন্ধি" ৰ চৰ্ত অনুসাৰে অসমখন বৃটিছ অধীনলৈ যায় আৰু লগে লগে ছশ বছৰীয়া আহোম ৰাজত্বৰ অন্ত পৰে।আৰু তেতিয়াৰ পৰাই অসমীয়া লোকসকল বৃটিছ বিৰোধী হৈ পৰে।১৮২৬ চনত বৃটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল গোমধৰ কোঁৱৰ।তেওঁক ইংৰাজসকলে বন্দী কৰিছিল।১৮৩০ চনত পিয়লি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্রোহ কৰিছিল।কিন্তু ৰংপুৰত চিপাহীৰ চাউনীত জুই দিয়াৰ অপৰাধত পিয়লি ফুকন আৰু তেওঁৰ সহযোগী জীউৰাম দুলীয়াক ফাঁচী দিয়া হয়।১৮৩৯ চনত চিংফৌসকলে বিদ্ৰোহ কৰে।ব্ৰিটিছে এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰে।১৮৫৭ চনত বৃটিছ শাসনৰ বিৰুদ্ধে ভাৰতত এক ডাঙৰ বিদ্ৰোহ আৰম্ভ হৈছিল।ইয়াকে চিপাহী বিদ্ৰোহ বোলা হয়।অসমত চিপাহী বিদ্ৰোহৰ গুৰি ধৰিছিল মণিৰাম দেৱানে।ইংৰাজে এই বিদ্রোহৰ উমান পাই মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লি বৰুৱাক যোৰহাটত ফাঁচী দিয়ে।


                ইংৰাজসকলে অসমীয়াসকলৰ ওপৰত দমন আৰু শোষণ কৰিছিল।১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ শাসনভাৰো বৃটিছ চৰকাৰে লয়।১৮৫৭ চনত হোৱা চিপাহী বিদ্ৰোহৰ খৰছ বহন কৰিবৰ বাবে চৰকাৰে মাটিৰ খাজনাৰ পৰিমাণ বঢ়াই দিছিল।কাঠ, বাঁহ বেত, আনকি তামোল পানৰ ওপৰতো কৰ আৰোপ কৰিছিল।ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই অসমৰ কৃষকসকলে "কৃষক বিদ্ৰোহ"আৰম্ভ কৰিছিল।নগাঁৱৰ ফুলগুৰিত(১৮৬১),দৰং জিলাৰ পথৰুঘাটত(১৮৯৪),কামৰূপ জিলাৰ ৰঙিয়া(১৮৯৪),নলবাৰী, বজালী, বৰপেটা, বৰমা, হাজো, বৰভাগ, নামবৰভাগ, লাছিমা,টিহু আদি ঠাইত কৃষক বিদ্রোহ বিয়পি পৰিছিল।



পথৰুঘাটৰ কৃষক বিদ্ৰোহত১৪০ জন কৃষক বৃটিছৰ গুলিত নিহত হৈছিল আৰু বহুতো লোক ঘূনীয়া হৈছিল।ৰঙিয়া ৰাইজমেলত ভাগ লোৱা ২৭ জন লোক বৃটিছৰ গুলিত নিহত হৈছিল আৰু বহু আহত হৈছিল।



            ইয়াৰ কিছুবছৰৰ পাছতেই মহামানব মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে অহিংস গণতান্ত্ৰিক আন্দোলন আৰম্ভ হয়।অসমতো এই আন্দোলনে ব্যাপক সঁহাৰি লাভ কৰিছিল।মহাত্মা গান্ধীৰ আহ্বানক সঁহাৰি জনাই ভাৰতৰ স্বাধীনতাৰ হকে কৰা এই আন্দোলনত অসমৰ বহুতো পুৰুষ মহিলাই অংশগ্ৰহণ কৰিছিল আৰু বহুলোকে প্ৰাণ বলিদান দিছিল।


            ১৯২০-২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত সমগ্ৰ অসমবাসীয়ে ভাগ লৈছিল।এই আন্দোলনৰ আৰম্ভণিতে মহাত্মা গান্ধী অসমলৈ আহি বিদেশী কাপোৰ বৰ্জন কৰি স্বদেশী কাপোৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল।গান্ধীজীয়ে ঘৰে ঘৰে  যঁতৰত সূতা কাটি কাপোৰ ববলৈ অসমীয়া শিপিনীসকলক উৎসাহিত কৰিছিল।অসমত এই আন্দোলনত নেতৃত্ব দিয়া ব্যক্তি সকল আছিল-চন্দ্ৰনাথ শৰ্মা,তৰুণৰাম ফুকন, নলিনীবালা দেৱী, নবীনচন্দ্ৰ বৰদলৈ, শ্যামাচৰণ দেৱ, হাজী মতছিম  আলী চৌধুৰী,গঙ্গাদয়াল দীক্ষিত আদি।এই আন্দোলনত যোগদান কৰা প্ৰায় চাৰিহাজাৰ লোকক ইংৰাজ চৰকাৰে কাৰাবন্দী কৰে।


          ১৯৩০-৩২ চনলৈ ইংৰাজ চৰকাৰৰ আইনবোৰৰ বিৰুদ্ধে "আইন অমান্য আন্দোলন"হৈছিল।এই আন্দোলনত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিসকল হৈছে-হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, ৰমণী মোহন ৰায়, সিদ্ধিনাথ শৰ্মা, চন্দ্ৰপ্ৰভা শইকীয়ানী পুষ্পলতা দাস, গোলাম ছবিৰ খান আদি।


             ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে গোটেই ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বত "ভাৰত ত্যাগ' আন্দোলন আৰম্ভ হয়।অসমত এই আন্দোলনত নেতৃত্ব দিয়া লোকসকল হৈছে--গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, ফখৰুদ্দিন আলী আহমদ, কমলা মিৰি, অৰুণকুমাৰ দে,সৰলা বালা দেৱ, মঃ তৈয়বুল্লা  আদি।ব্ৰিটিছে অতি কঠোৰ ভাবে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল।ফলত ইংৰাজৰ হাতত বহুতো অসমীয়াই  প্ৰাণ আহুতি দিব লগা হৈছিল।সেই মহান শ্বহীদ সকল হৈছে-কনকলতা, মুকুন্দ কাকতি, মহীৰাম কোঁচ, মনবৰ নাথ, নুমলী নাথ, মণি কছাৰী, নিধানু ৰাজবংশী,কমলা মিৰি, ভোগেশ্বৰী ফুকননী, ঠগিৰাম সুত, লক্ষীকান্ত হাজৰিকা, কুশল কোঁৱৰ, তিলক ডেকা আদি।


                ভাৰত ত্যাগ আন্দোলনৰ পিছত ইংৰাজে ভাৰতবৰ্ষক তেওঁলোকৰ অধীনত ৰখা সম্ভৱ নহ'ব বুলি ভাবি   ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে দেশৰ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে।তেতিয়াৰ পৰাই আমি বৃটিছৰ শাসনৰ পৰা  স্বাধীনতা লাভ কৰো আৰু ১৫ আগষ্ট তাৰিখটো সমগ্ৰ ভাৰতবাসীয়ে "স্বাধীনতা দিৱস" হিচাপে পালন কৰা হয়।

No comments:

Post a Comment

চুটিগল্প

চুটিগল্প:-জীৱনৰ ৰং               চৰম দুৰ্যোগৰ সেই দিনবোৰতে তেওঁ আহিছিল মোৰ জীৱনলৈ।ভাঙি পৰা মইজনীক তুলি ধৰিছিল আলফুলকৈ।ক'ব নোৱাৰাকৈয়ে মই ...