Tuesday, March 29, 2022

চুটিগল্প



চুটিগল্প:-জীৱনৰ ৰং


              চৰম দুৰ্যোগৰ সেই দিনবোৰতে তেওঁ আহিছিল মোৰ জীৱনলৈ।ভাঙি পৰা মইজনীক তুলি ধৰিছিল আলফুলকৈ।ক'ব নোৱাৰাকৈয়ে মই তেওঁৰ ওচৰত উদঙাই দিছিলো হৃদয়ৰ সকলো যন্ত্ৰণা। হিয়া উজাৰি কান্দিছিলোঁ, তেওঁ বুজাইছিল।গভীৰ জীৱনবোধেৰে ভৰপূৰ তেওঁ কথাবিলাকে মোক লাহে লাহে প্ৰভাৱিত কৰিছিল।লাহে লাহে জী উঠিছিলোঁ তেওঁৰ সাহসত।হয় জীৱন যুদ্ধত অৱতীৰ্ণ হ'বৰ বাবে এখনি মৰম আৰু বিশ্বাসৰ হাত খুবেই প্ৰয়োজন।তেওঁৰ ওচৰত মই সেই খিনি দেখিছিলোঁ আৰু এক নামবিহীন সম্পৰ্কৰে বান্ধ খাই পৰিছিলোঁ   আমি।


           জীৱনটো বিচৰাৰ দৰে সকলোৱে সজাব নোৱাৰে।জীৱন সকলোৰে বাবে সহজো নহয়।চুটি জীৱনটোত পোৱাখিনি লৈ আগুৱাব পাৰিলেই মানুহ সুখী হ'ব পাৰে।হয় তেঁৱেই কৈছিল এনেদৰে।ময়ো চেষ্টা কৰিছিলো সুখী হ'বলৈ। নোপোৱাবোৰ পাহৰি পোৱাখিনিৰে জীৱন সজাবলৈ কৰা আখৰাত ক্ৰমাৎ আঁতৰি আহিছিলোঁ আপোন মানুহবোৰৰ পৰা।অধ্যাপিকা হিচাপে নতুন চহৰ খনত থাকিবলৈ লোৱাৰ পাছত এক সৰলৰৈখিক গতিৰে আগ বাঢ়িছিল মোৰ জীৱন।সময় বোৰ বৰ তড়িৎ গতিৰে পাৰ হৈছিল।চিনাকি মানুহবোৰ বিলীন হৈছিল পাহৰণিৰ গৰ্ভত।আৰু খুব স্বার্থপৰৰ দৰে মইও মোৰ সুখবোৰৰ লগত বিলীন হৈ গৈছিলোঁ।তেওঁৰ লগত সকলো যোগাযোগ বন্ধ হৈ গৈছিল।এক কথাত ক'বলৈ গ'লে তেওঁক পাহৰিয়েই পেলাইছিলোঁ মই আৰু এদিন কাকতালীয় ভাবে পুনৰ লগ হৈছিল আমাৰ চহৰ খনৰ মাজমজিয়াত অনুষ্ঠিত হোৱা এখন কবি সন্মিলনত।মন্ত্ৰমুগ্ধ   হৈছিলোঁ তেওঁৰ শব্দৰ মায়াজালত। তেওঁক মাত নিদিয়াকৈয়ে লাহেকৈ ওলাই আহিছিলোঁ বাহিৰলৈ।


"হেই মী, কি হ'ল মাত এষাৰ নিদিয়াকৈয়ে যাবলৈ ওলাইছা?"----চিৰপৰিচিত কন্ঠৰে তেওঁ মাত দিছিল পাছৰ পৰা।


"নাই মানে তুমি বিজি আছিলা যে সেই কাৰণে.."

অপ্ৰস্তুত হৈ কথমপি মাত দিছিলোঁ মই।


"কেনে আছা মী? বহুত দিনৰ মূৰত আমি লগ হ'লো নহয়নে?"


এৰা বহুত দিনৰ মূৰত লগ হ'লো আমি।শেষ বাৰৰ বাবে তেওঁক ক'ত লগ পাইছিলোঁ ভালকৈ মনত পেলাব নোৱাৰিলোঁ।হয়তু কলেজৰ কেণ্টিনত,হয়তু কলেজ তিনিআলিৰ সেই কৃষ্ণচূড়াজোপাৰ তলত য'ত প্ৰায়েই লগ হৈছিলোঁ আমি।আজিৰ পৰা পোন্ধৰ বছৰৰ আগৰ দিনবোৰলৈ মনটো ঢাপলি মেলিলে।


        হায়াৰ চেকেণ্ডৰী সুখ্যাতিৰে পাছ কৰি বহু সপোন বুকুত বান্ধি কলেজত নামভৰ্তি কৰিছিলোঁ।মা দেউতাৰ বহু সপোন আছিল মোক লৈ।মইও নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে পঢ়া শুনাৰ মাজতে ব্যস্ত হৈ পৰিছিলোঁ।কিন্তু ভবাৰ মতে নহ'ল।আন দহজনী ছোৱালীৰ দৰে মোৰ জীৱনলৈও প্ৰেম আহিল অতি সংগোপনে।হয়, মই প্ৰেমত পৰিলোঁ নজনাকৈয়ে।মইও হেৰাই গ'লো প্ৰেমৰ মায়াময় জগতত।কিন্তু মোৰ মোহভংগ হ'বলৈ বেছি সময় নালাগিল।খুব কম সময়ৰ ভিতৰতে মই  গম পাইছিলোঁ যে মই যাক ভাল পাইছিলোঁ ,যাৰ প্ৰেমত হাবুডুবু খাই ফুৰিছিলোঁ তেওঁ আচলতে এজন প্ৰবঞ্চকহে আছিল।মোৰ হিয়া ভাগি চূৰ্ণ-বিচূৰ্ণ হৈছিল।এই ঘটনাই মোৰ পঢ়া শুনাটো বহুত ক্ষতি কৰিছিল।ফলত ৰিজাল্ট ভবামতে হোৱা নাছিল।ৰিজাল্ট দিয়াৰ পাছত মই বেছিকৈ ভাগি পৰিছিলোঁ।জীৱনৰ প্ৰতি মায়া নোহোৱা হৈ পৰিছিল।আৰু তেনে সময়তে এদিন এগৰাকী বান্ধৱীৰ জৰিয়তে চিনাকি হৈছিল তেওঁৰ লগত।মোৰ দুখৰ দিনবোৰত ভগৱানে যেন তেওঁক পঠাই দিছিল মোৰ ওচৰলৈ মোৰ তেনে অনুভৱ হৈছিল।তেওঁৰ প্ৰেৰণাত পুনৰ জী উঠিছিলোঁ মই।নতুনকৈ চাবলৈ শিকিলোঁ জীৱনক।আৰু পুনৰ নতুন উদ্যমেৰে পঢ়া শুনাত মন দিলোঁ।তাৰ পাছত আৰু পাছলৈ উভটি চোৱা নাই। তাৰ দুবছৰৰ পাছত  উচ্চ শিক্ষাৰ বাবে বিশ্ববিদ্যালয়,পি এইচ, ডি আৰু এতিয়া এগৰাকী অধ্যাপিকা হোৱালৈকে সময়বোৰ ইমান খৰকৈ পাৰ হ'ল যে গমেই নাপালো।


          "কি হ'ল মী?ক'ত হেৰাই গ'লা?কিবা এটা সুধি আছোঁ তোমাক।"


         "অহ, আছোঁ ভালে।তোমাৰ কেনে?"


       " ব'লা ক'ৰবাত বহি কথা পাতো।"


           মন্ত্ৰমুগ্ধ ৰ দৰে তেওঁৰ পাছে পাছে ৰেষ্টুৰেণ্ট খনলৈ সোমাই গ'লো।একেই আছে তেওঁ।পোন্ধৰ বছৰ আগৰ দৰেই।একেই প্ৰাণোচ্ছল, একেই ল'ৰামটীয়া।তেওঁ ৱেইটাৰ জনক কিবাকিবি অৰ্ডাৰ দিলে।


          "তোমাৰ কথা কোৱা।সংসাৰ  কেনে চলিছে?"--এইবাৰ মই সুধিলোঁ।


          "মোৰ খবৰ ঠিকেই আছে।তোমাৰ খবৰ কোৱা।কি হ'ল,বিয়াৰ কথা নাভাবা নেকি?সদায় এনেকৈয়ে থাকিম বুলি ভাবিছা নেকি?" 


          বিয়া, এৰা বিয়াৰ কথা লৈয়ে সদায় অশান্তি মোৰ। বিয়া হ'বলৈ মোৰ অলপো মন নাই ।মই এনেকৈয়ে সুখী।কিন্তু মোৰ কথা কোনে শুনে।ঘৰৰ মানুহ, মিতিৰ কুটুম, বংশ পৰিয়াল সকলোৰে নেৰানেপেৰা চেষ্টা মোৰ বিয়াখন পাতিবলৈ।ঘৰলৈ ফোন কৰিলেই মাৰ লগত সদায় এই কথা লৈয়ে এখন অশান্তি হয়..।আজিকালি সেয়ে ফোন কৰা কমায়েই দিছোঁ।


         " মা দেউতাৰ মোৰ বিয়াখনক লৈয়ে চিন্তা।মোৰ কিন্তু বিয়াৰ হ'বলৈ মন নাই এতিয়া। মই এইবোৰ বিষয় জঞ্জালৰ পৰা মুক্ত হৈয়ে থাকিব খোজো "--মই ক'লো।


       "আচলতে কি জানা মী, মানুহৰ জীৱনটো বৰ চুটি।জীয়াই থকা দিনকেইটা  প্ৰতিটো দিনেই উদযাপন কৰিবলৈ শিকিব লাগে।তুমি আজি কেৱল নিজৰ কথা ভাবি বিয়া নহওঁ বুলি ভাবি আছা।কিন্তু তোমাৰ মা-দেউতা ৰ কথাও এবাৰ ভাবা।তেওঁলোকে তোমাৰ বিয়াখন পাতিবলৈ কিমান হেঁপাহেৰে বাট চাই আছে।কেতিয়াবা নিজৰ পৃথিৱীখনৰ পৰা ওলাই আহি আনৰ দৃষ্টিভঙ্গীৰে চাবলৈ শিকিবাচোন, সম্পৰ্ক বোৰক সময় আৰু সন্মান দি চাবাচোন এবাৰ।জীৱনটো সুখৰ হৈ উঠিব।তুমি আজি অকলে থাকি ভাল পাইছা, কিন্তু জীৱনত  কেতিয়াবা এনে সময় আহিব যেতিয়া তোমাৰ কাষত আপোন মানুহ এজনৰ অভাৱ বৰকৈ অনুভৱ কৰিবা।"


 তেওঁ আৰু কিবাকিবি কৈছিল।মই মাথোঁ শুনি গৈছিলোঁ।আৰু তেওঁৰ পৰা বিদায় লৈ ঘৰলৈ আহোঁতে ওৰে ৰাস্তা মই তেওঁৰ কথাবোৰকে ভাবি আহিলোঁ।হয় ঠিকেই কৈছে তেওঁ জীৱনৰ একান্ত সুখ দুখ বোৰ ভগাই ল'বলৈ এজন সংগীৰ খুবেই প্ৰয়োজন।


       ঘৰ পাওঁতেই ফোনটো বাজি উঠিল ।মায়ে ফোন কৰিছে পৰহিলৈ ল'ৰা এজন অহাৰ কথা কৈছে।যাব পাৰিম নেকি সুধিছে।মই পাছত পাতিম বুলি ফোন টো কাটি দিলোঁ। হয় জীৱনটো খুবেই চুটি । 

         ফোনটো হাতত লৈ মাৰ নম্বৰ ডায়েল কৰিলোঁ।

      "  মা, মই কালিলৈ ঘৰলৈ যাম।তেওঁলোকক আহিবলৈ কবা"।


        হঠাৎ মনৰ পৰা ডাঙৰ বোজা এটা খহি পৰা যেন লাগিল।হয়, তেওঁ ঠিকেই কৈছিল জীৱনটো সঁচাকৈয়ে অনুপম।


মৌচুমী কলিতা,মাজুলী

ৰচনা কাল:২৮/০৮/২০২১

Friday, March 25, 2022

ব'হাগ বিহুত ব্যৱহাৰ কৰা কেইবিধ মান উদ্ভিদৰ ঔষধি গুণ

 অসমীয়া লোকবিশ্বাস অনুসৰি গৰু বিহুৰ দিনা এশ এবিধ শাক খালে গোটেই বছৰটোলৈ শৰীৰ সুস্থ হৈ থাকে।তলত কেইবিধমান শাকৰ ঔষধি গুণ উল্লেখ কৰা হ'ল---

অপৰাজিতা:-অপৰাজিতা ফুলৰ শিপাৰ ৰস খালে নাৰ্ভৰ সমস্যা ভাল হয় আৰু বগা অপৰাজিতাৰ দক্ষিণ ফালৰ শিপা দুআঙুল গৰ্ভৱতী মানুহে কেঁচা সূতাৰে বান্ধি কঁকালত পিন্ধিলে গৰ্ভপাত নহয় বুলি বিশ্বাস কৰা হয়।

কলমৌ শাক:-কলমৌ পাতৰ ৰস গাখীৰৰ লগত খালে নিদ্ৰাহীনতা দূৰ হয়।কলমৌ শাকত বসন্ত ৰোগৰ প্ৰতিৰোধ ক্ষমতা আছে।

জিলমিল:-পিত্তৰোগ, বাতবিষ,মহিলাৰ বগাস্ৰাৱ ৰোগৰ বাবে জিলমিল উপকাৰী।

পিৰালী পালেং:-ৰক্তহীনতা হ'লে ইয়াৰ পাতৰ ৰস খালে ভাল হয়।

কচু:-ঠাৰি আৰু পাত ৰক্ত বৰ্ধক।

পালেং:-পালেং শাকৰ প্ৰচুৰ পৰিমাণে আইৰণ থাকে।

দূৱৰী বন:-অনিয়মীত ঋতুস্ৰাৱ দূৰ কৰে।

নৰসিংহ:-পেটৰ ৰোগৰ বাবে উপকাৰী।

ঢেকীয়া:-ঢেকীয়া শাক খালে যৌন শক্তি বৃদ্ধি পায়।

মহানিম:-ছালৰ ৰোগৰ বাবে উপকাৰী।

তিতাফুল:-কাহ আৰু কৃমি নাশ কৰে।

লাই:-মধুমেহ ৰোগৰ বাবে ভাল ।


সংগ্ৰহ:-

প্ৰান্তিক ১এপ্ৰিল,২০১৬

চুটিগল্প

চুটিগল্প:-জীৱনৰ ৰং               চৰম দুৰ্যোগৰ সেই দিনবোৰতে তেওঁ আহিছিল মোৰ জীৱনলৈ।ভাঙি পৰা মইজনীক তুলি ধৰিছিল আলফুলকৈ।ক'ব নোৱাৰাকৈয়ে মই ...