Tuesday, January 26, 2021

অণু গল্প


                                (১)

#নৈপৰীয়াৰ দুখ


       আনদিনাৰ দৰে আজিও নৈৰ পাৰৰ সেই নিৰ্দিষ্ট ঠাইখিনিত বহি নৈখনৰ বুকুলৈ উদাসভাৱে চাই ৰ'ল অন্তৰাই।

জন্মৰে পৰা চিনাকি ,সিহঁতৰ প্ৰতিটো সুখ-দুখৰ নীৰৱ সাক্ষী এই নদী।কিন্তু সিহঁতৰ অতিকৈ চিনাকি এই নৈখন বাৰিষা সিহঁতৰ বাবে সম্পূৰ্ণ অচিনাকি হৈ পৰে।ফেনে -ফোটোকাৰে ওফন্দি উঠা এই নৈখনেই কিমানৰ জীৱনলৈ যে সর্বনাশ মাতি আনিছে।তাইৰ দৰে কিমানৰ জীৱনৰ পৰা যে কাঢ়ি নিছে নিজৰ আপোনজনক।


              আজিৰ পৰা দুবছৰৰ আগৰ সেই দিনটোটো তাই এই ঠাইতেই বহি নৈত উটি অহা কাঠ ধৰিবলৈ যোৱা দেউতাকলৈ অপেক্ষা কৰিছিল ।কিন্তু ঘূৰি আহি তাইক কলেজত এডমিছন দিবলৈ লৈ যাব বুলি কথা দি যোৱা দেউতাক জন আৰু কেতিয়াও ঘূৰি নাহিল।তাইৰ চকুৰ আগতে ভৰা নৈৰ পছন্দ চাকনৈয়াত হেৰাই গ'ল তাইৰ দেউতাক।হেৰাই গ'ল তাইৰ সমস্ত সপোন।

                            ––––––


                              (২)

                         নৱ-জীৱন


       চলন্ত বাছখনৰ খিৰিকীৰে বাহিৰলৈ চাই চাই নিজৰ মাজতে মগন হ'ল তাই। নতুন জীৱনৰ প্ৰাকক্ষণত তাইৰ চকুৰ আগত ভাহি আহিল এৰি অহা দিনবোৰৰ টুকুৰা টুকুৰা কিছুমান ছবি।মাক-দেউতাকৰ অকাল মৃত্যুৰ পৰা আৰম্ভ কৰি সম্পৰ্কীয় মোমায়েকৰ বিশ্বাসঘাটকতা, উজ্জ্বল প্ৰসাধনেৰে ঢাকি ৰখা জয়া, চন্দ্ৰা, নিশা হতঁৰ বিবৰ্ণ আৰু অসহায় মুখবোৰ, মমতা দিদিৰ কঠোৰ আৰু নিলাজ গালিবোৰ, প্ৰতিদিনে সিহঁত আগত ধৰা দিয়া মুখাৰ আঁৰৰ মুখবোৰ আৰু ক'ত যে কি বিভৎস সময়।


            হঠাতে তাইৰ হাতত এখন হাতৰ স্পৰ্শ অনুভৱ কৰিলে।এই হাত মৰমৰ, নিৰাপত্তাৰ।এইখন হাতত ধৰিয়েই তাই ওলাই আহিছে এখন নৰকৰ পৰা এটা নতুন জীৱনলৈ।হাতখন তাই মৰমেৰে দুহাতৰ মাজত তুলি ধৰিলে।দুচকুত তাইৰ নতুন জীৱনৰ এটি মধুৰ স্বপ্ন জলমলাই উঠিল।


No comments:

Post a Comment

চুটিগল্প

চুটিগল্প:-জীৱনৰ ৰং               চৰম দুৰ্যোগৰ সেই দিনবোৰতে তেওঁ আহিছিল মোৰ জীৱনলৈ।ভাঙি পৰা মইজনীক তুলি ধৰিছিল আলফুলকৈ।ক'ব নোৱাৰাকৈয়ে মই ...