Tuesday, August 3, 2021

Role of the education in women empowerment

Role of the Education in Women Empowerment:-

(নাৰী সৱলীকৰণত শিক্ষাৰ ভূমিকা):


"Educate your women first and leave them to themselves: then they will tell you what reforms are necessary for them"__Swami Vivekananda.

   নাৰী সকল দেশ বা সমাজৰ মেৰুদণ্ড স্বৰূপ।এখন দেশ বা সমাজৰ উন্নতি বহুলাংশে নিৰ্ভৰ কৰে সেই দেশৰ নাৰীৰ প্ৰগতিৰ ওপৰত।নাৰীসকলক বাদ দি পৃথিৱীৰ কোনো দেশেই প্ৰগতিৰ পথত আগুৱাব নোৱাৰে।সমাজত নাৰীৰ স্থিতি যিমানেই সক্ৰিয় আৰু সন্মানজনক হব সিমানেই আমাৰ সমাজ ব্যৱস্থাও উন্নত হব।ইউৰোপ, আমেৰিকা আদি উন্নত দেশসমূহৰ নাৰীসকলবহু বছৰ আগৰ পৰাই পুৰুষৰ সমানেই সকলো দিশতে আগবঢ়া।আমাৰ দেশৰ সংবিধানেও নাৰীক পুৰুষৰ সমানে অধিকাৰ দিছে যদিও আমাৰ পুৰুষ প্ৰধান সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক সদায় পুৰুষৰ অধীন কৰি ৰখাৰ প্ৰৱণতা দেখা যায়।পুৰুষৰ সমানে আগবাঢ়ি যোৱাৰ অধিকাৰ নাৰীৰো আছে যদিও নাৰীয়ে এনে কিছুমান সমস্যাৰ সন্মুখীন হবলগীয়া হয় ,যাৰবাবে নাৰীৰ সুপ্ত শক্তিয়ে প্ৰাধান্য নোপোৱাকৈ থাকি যায়।নাৰী পুৰুষৰ ওচৰত শাৰীৰিক, মানসিক, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক স্থানত বাধাৰ সন্মুখীন হয়।সেয়েহে বৰ্তমান সময়ত "নাৰী সৱলীকৰণ"(Women Emperment)বিষয় টিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।নাৰী সৱলীকৰণৰ বাবে প্ৰয়োজন হয় উপযুক্ত শিক্ষা।শিক্ষাইহে নাৰীক সৱলীকৰণৰ দিশত আগুৱাই নিব পাৰিব।সেয়েহে নাৰী সৱলীকৰণৰ বাবে শিক্ষাক অগ্ৰাধিকাৰ দিবই লাগিব।


          শিক্ষা আৰু সৱলীকৰণৰ মাজত গভীৰ সম্পৰ্ক আছে।নাৰীসকলক সকলো প্ৰকাৰৰ আৰ্থ-সামাজিক দমন, নিপীড়নৰ পৰা মুক্ত কৰি পুৰুষৰ সমানে সকলো প্ৰকাৰৰ অধিকাৰ প্ৰদান কৰা প্ৰক্রিয়াক সৰল অৰ্থত নাৰী সৱলীকৰণ আখ্যা দিয়া হয়।ইয়াৰ বাবে সমাজ জীৱনত প্ৰকৃত গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি হোৱাটো প্ৰয়োজন।এনে সকলো কাৰ্যৰ বাবে শিক্ষাৰ ভূমিকা আৰু প্ৰয়োজনীয়তা অধিক।শিক্ষাইহে নাৰীসকলৰ ব্যক্তিসত্তা বিকশাই তুলি দৈহিক আৰু মানসিক ভাৱে সক্ষম কৰি তুলিব পাৰিব।

           

             সাংবিধানিক  সমতা, আইনী সুৰক্ষা আৰু চৰকাৰী সা-সুবিধা সমূহ পৰ্যাপ্ত পৰিমানে থকাৰ পাছতো ভাৰতবর্ষৰ বহুতো অঞ্চল নাৰী সৱলীকৰণত এতিয়াও পিছ পৰি থকা দেখা যায়।কেৱল চৰকাৰী আঁচনি আৰু আইনৰ অধিনিয়মসমূহেই নাৰী সৱলীকৰণৰ বাবে যথেষ্ট নহয়।ইয়াৰ বাবে প্ৰয়োজন হয় শিক্ষাৰ।"National Curriculum  Framework" মতে "Education of women is an important key to improving health, nutrition and education in the family and also empowering them to participate in decision making". তদুপৰি শিক্ষাই নাৰীসকলৰ আৰ্থিক নিৰাপত্তা, আত্মবিশ্বাস, সুস্বাস্থ্য,বহুমুখী প্ৰতিভাৰ বিকাশকে ধৰি জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হব পৰাকৈ সাজু কৰি তোলে।


            ভাৰত চৰকাৰে National Literacy Mission(NLM)1988চনত মহিলা সকলৰ বাবে বহল ভিত্তিক শিক্ষাৰ ওপৰত গুৰুত্ব দিছে যিয়ে মহিলা সকলৰ অৰ্থনৈতিক স্বচ্ছলতাৰ বাট সুচল কৰিব পাৰে। সৱলীকৰণে সমাজত চলি থকা নাৰী পৰাধীনতা আৰু একঘেয়ামী ঘৰুৱা কাম সমূহৰ পৰা মুক্ত কৰিবৰ বাবে প্ৰচেষ্টা লোৱাৰ উপৰিও সমাজত নাৰীৰ স্থানৰ প্ৰতি সচেতনতাৰ ভাব জগাই তোলাৰ ওপৰত প্ৰাধান্য দিছিল।শিক্ষাৰ দ্বাৰা এগৰাকী নাৰীয়ে নিজকে গঢ় দিয়াৰ লগতে সূক্ষ্ম বিশ্লেষণাত্মক দৃষ্টিভঙ্গীৰে যিকোনো সমস্যা সমাধান কৰিব পাৰে।তদুপৰি শিক্ষাই পৰম্পৰাগত ক্ষমতা গাথঁনিত থকা লিংগ বৈষম্যৰ বিষয়েওএগৰাকী মহিলাক সচেতন কৰি তোলে।


শিক্ষাৰ দ্বাৰা নাৰী সৱলীকৰণৰ বাবে লবলগীয়া পদক্ষেপ সমূহ হৈছে--

১/নাৰীৰ বাবে আছুতীয়া শিক্ষানুষ্ঠান স্থাপন কৰা।

২/সমাজত পৰম্পৰাগত ভাৱে চলি অহা কিছুমান ৰীতি নীতি যেনে-বাল্য বিবাহ, শিশু শ্রমিক, যৌতুক-ব্যৱস্থা, কন্যা ভ্ৰূণ হত্যা, বহুপত্নী বিবাহ আদিৰ বিৰুদ্ধে জন সচেতনতা সৃষ্টি কৰিব লাগে আৰু চৰকাৰী আঁচনি আৰু আইনৰ সহায়ত এইবোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে।

৩/গ্ৰামাঞ্চলৰ মহিলাসকলৰ শিক্ষাৰ ক্ষেত্ৰত মহিলা সমিতি, ৰাজ্যিক মহিলা শিক্ষা পৰিষদ, বিভিন্ন জিলা সন্থা আদিৰ মাজত এটা সু সম্পৰ্ক গঢ়ি তুলিব লাগিব যাতে তেওঁলোকে একেলগে মহিলা শিক্ষাৰ গুৰুত্বৰ ক্ষেত্ৰত মাত মাতিব পাৰে আৰু জন সাধাৰণৰ মাজত সচেতনতা জগাই তুলিব পাৰে।

৪/দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰী সকলৰ বাবে শৈক্ষিক অনুদানৰ ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকে অৰ্থৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত নহয়।ইয়াৰোপৰি ছাত্ৰীসকল যাতে শিক্ষাৰ প্ৰতি আকৃষ্ট হয়, তাৰবাবে চৰকাৰে বিভিন্ন আঁচনিৰ সহায়ত বিভিন্ন সা-সুবিধাৰ ব্যৱস্থা কৰিব লাগে।

৫/গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে বিভিন্ন বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু উপযুক্ত প্ৰশিক্ষণ আৰু চৰকাৰী সাহায্যৰ দ্বাৰা তেওঁলোকক আত্মনির্ভৰশীল কৰি তুলিব লাগে।

৬/চৰকাৰ আৰু NGO ৰ পাৰস্পৰিক সহযোগিতাৰ যোগেদি নাৰী সৱলীকৰণৰ চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়ণৰ ব্যৱস্থা কৰিব লাগে।


           এখন সুস্থ সবল সমাজ গঠনত নাৰীৰ ভূমিকা অনস্বীকাৰ্য প্ৰতিগৰাকী নাৰীৰ মাজত বহুতো প্ৰতিভা সুপ্ত হৈ থাকে।শিক্ষা হৈছে এক শক্তিশালী আহিলা, যিয়ে নাৰীসকলৰ মাজত থকা প্ৰতিভাসমূহ বিকাশৰ যোগেদি নাৰীসকলক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে আৰু পুৰুষ মহিলাৰ মাজত থকা অসমতা সমূহ দূৰ কৰি সমাজত নাৰীৰ পদমৰ্যাদা বৃদ্ধি কৰিব পাৰে।এগৰাকী শিক্ষিত নাৰী নিজৰ অধিকাৰ সমূহৰ বিষয়ে সদায় সচেতন হয় আৰু নিজৰ কৰ্তব্য সমূহ সুচাৰুভাৱে পালন কৰিব পাৰে।এগৰাকী শিক্ষিত নাৰীয়েহে পৰিয়াল আৰু সমাজ এখনক শুদ্ধ পথেৰে পৰিচালিত কৰিব পাৰে।

             গতিকে আমি ক'ব পাৰো যে শিক্ষাই নাৰী সৱলীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।নাৰীসকলৰ মাজত ব্যাপকভাবে শিক্ষাৰ প্ৰসাৰ হ'লে সুসংগঠিতভাবে সকলো নিৰ্যাতনৰ বিৰুদ্ধে থিয় দিয়াৰ উপৰিও নিজৰ কাৰ্যদক্ষতা, সামাজিক দায়বদ্ধতা, সামাজিক আৰু ৰাজনৈতিক তৎপৰতা আৰু সচেতনতাৰ সহায়ত সমাজত নাৰী পুৰুষৰ সমতা স্থাপন কৰিব পাৰিব।

           



1 comment:

চুটিগল্প

চুটিগল্প:-জীৱনৰ ৰং               চৰম দুৰ্যোগৰ সেই দিনবোৰতে তেওঁ আহিছিল মোৰ জীৱনলৈ।ভাঙি পৰা মইজনীক তুলি ধৰিছিল আলফুলকৈ।ক'ব নোৱাৰাকৈয়ে মই ...