Saturday, August 21, 2021

স্বাধীনতা আন্দোলনত অসম


স্বাধীনতা আন্দোলনত অসম


                  বৃটিছসকলক আমাৰ দেশৰ পৰা বিতাড়িত কৰিবৰ বাবে গোটেই দেশজুৰি যি যুজঁ বা বিদ্ৰোহে গা কৰি উঠিছিল তাৰ প্ৰভাৱ দেশৰ আন ৰাজ্যৰ লগতে আমাৰ অসমতো পৰিছিল।অসমত হোৱা এই বিদ্রোহসমূহত বহুতো অসমীয়াই অংশগ্ৰহণ কৰি দেশৰ হকে প্ৰাণ আহুতি দিছিল।১৮২৬ চনত "ইয়াণ্ডাবু সন্ধি" ৰ চৰ্ত অনুসাৰে অসমখন বৃটিছ অধীনলৈ যায় আৰু লগে লগে ছশ বছৰীয়া আহোম ৰাজত্বৰ অন্ত পৰে।আৰু তেতিয়াৰ পৰাই অসমীয়া লোকসকল বৃটিছ বিৰোধী হৈ পৰে।১৮২৬ চনত বৃটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথম অসমীয়া ব্যক্তি আছিল গোমধৰ কোঁৱৰ।তেওঁক ইংৰাজসকলে বন্দী কৰিছিল।১৮৩০ চনত পিয়লি ফুকনে ইংৰাজক অসমৰ পৰা খেদিবলৈ বিদ্রোহ কৰিছিল।কিন্তু ৰংপুৰত চিপাহীৰ চাউনীত জুই দিয়াৰ অপৰাধত পিয়লি ফুকন আৰু তেওঁৰ সহযোগী জীউৰাম দুলীয়াক ফাঁচী দিয়া হয়।১৮৩৯ চনত চিংফৌসকলে বিদ্ৰোহ কৰে।ব্ৰিটিছে এই বিদ্ৰোহ কঠোৰ হাতেৰে দমন কৰে।১৮৫৭ চনত বৃটিছ শাসনৰ বিৰুদ্ধে ভাৰতত এক ডাঙৰ বিদ্ৰোহ আৰম্ভ হৈছিল।ইয়াকে চিপাহী বিদ্ৰোহ বোলা হয়।অসমত চিপাহী বিদ্ৰোহৰ গুৰি ধৰিছিল মণিৰাম দেৱানে।ইংৰাজে এই বিদ্রোহৰ উমান পাই মণিৰাম দেৱান আৰু তেওঁৰ সহযোগী পিয়লি বৰুৱাক যোৰহাটত ফাঁচী দিয়ে।


                ইংৰাজসকলে অসমীয়াসকলৰ ওপৰত দমন আৰু শোষণ কৰিছিল।১৮৫৮ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতৰ পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ শাসনভাৰো বৃটিছ চৰকাৰে লয়।১৮৫৭ চনত হোৱা চিপাহী বিদ্ৰোহৰ খৰছ বহন কৰিবৰ বাবে চৰকাৰে মাটিৰ খাজনাৰ পৰিমাণ বঢ়াই দিছিল।কাঠ, বাঁহ বেত, আনকি তামোল পানৰ ওপৰতো কৰ আৰোপ কৰিছিল।ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই অসমৰ কৃষকসকলে "কৃষক বিদ্ৰোহ"আৰম্ভ কৰিছিল।নগাঁৱৰ ফুলগুৰিত(১৮৬১),দৰং জিলাৰ পথৰুঘাটত(১৮৯৪),কামৰূপ জিলাৰ ৰঙিয়া(১৮৯৪),নলবাৰী, বজালী, বৰপেটা, বৰমা, হাজো, বৰভাগ, নামবৰভাগ, লাছিমা,টিহু আদি ঠাইত কৃষক বিদ্রোহ বিয়পি পৰিছিল।



পথৰুঘাটৰ কৃষক বিদ্ৰোহত১৪০ জন কৃষক বৃটিছৰ গুলিত নিহত হৈছিল আৰু বহুতো লোক ঘূনীয়া হৈছিল।ৰঙিয়া ৰাইজমেলত ভাগ লোৱা ২৭ জন লোক বৃটিছৰ গুলিত নিহত হৈছিল আৰু বহু আহত হৈছিল।



            ইয়াৰ কিছুবছৰৰ পাছতেই মহামানব মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে অহিংস গণতান্ত্ৰিক আন্দোলন আৰম্ভ হয়।অসমতো এই আন্দোলনে ব্যাপক সঁহাৰি লাভ কৰিছিল।মহাত্মা গান্ধীৰ আহ্বানক সঁহাৰি জনাই ভাৰতৰ স্বাধীনতাৰ হকে কৰা এই আন্দোলনত অসমৰ বহুতো পুৰুষ মহিলাই অংশগ্ৰহণ কৰিছিল আৰু বহুলোকে প্ৰাণ বলিদান দিছিল।


            ১৯২০-২১ চনত মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনত সমগ্ৰ অসমবাসীয়ে ভাগ লৈছিল।এই আন্দোলনৰ আৰম্ভণিতে মহাত্মা গান্ধী অসমলৈ আহি বিদেশী কাপোৰ বৰ্জন কৰি স্বদেশী কাপোৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিল।গান্ধীজীয়ে ঘৰে ঘৰে  যঁতৰত সূতা কাটি কাপোৰ ববলৈ অসমীয়া শিপিনীসকলক উৎসাহিত কৰিছিল।অসমত এই আন্দোলনত নেতৃত্ব দিয়া ব্যক্তি সকল আছিল-চন্দ্ৰনাথ শৰ্মা,তৰুণৰাম ফুকন, নলিনীবালা দেৱী, নবীনচন্দ্ৰ বৰদলৈ, শ্যামাচৰণ দেৱ, হাজী মতছিম  আলী চৌধুৰী,গঙ্গাদয়াল দীক্ষিত আদি।এই আন্দোলনত যোগদান কৰা প্ৰায় চাৰিহাজাৰ লোকক ইংৰাজ চৰকাৰে কাৰাবন্দী কৰে।


          ১৯৩০-৩২ চনলৈ ইংৰাজ চৰকাৰৰ আইনবোৰৰ বিৰুদ্ধে "আইন অমান্য আন্দোলন"হৈছিল।এই আন্দোলনত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিসকল হৈছে-হেমচন্দ্ৰ বৰুৱা, অমিয় কুমাৰ দাস, ৰমণী মোহন ৰায়, সিদ্ধিনাথ শৰ্মা, চন্দ্ৰপ্ৰভা শইকীয়ানী পুষ্পলতা দাস, গোলাম ছবিৰ খান আদি।


             ১৯৪২ চনৰ ৮ আগষ্ট তাৰিখে গোটেই ভাৰতবৰ্ষত মহাত্মা গান্ধীৰ নেতৃত্বত "ভাৰত ত্যাগ' আন্দোলন আৰম্ভ হয়।অসমত এই আন্দোলনত নেতৃত্ব দিয়া লোকসকল হৈছে--গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধি, ফখৰুদ্দিন আলী আহমদ, কমলা মিৰি, অৰুণকুমাৰ দে,সৰলা বালা দেৱ, মঃ তৈয়বুল্লা  আদি।ব্ৰিটিছে অতি কঠোৰ ভাবে এই আন্দোলন দমন কৰিবলৈ চেষ্টা কৰিছিল।ফলত ইংৰাজৰ হাতত বহুতো অসমীয়াই  প্ৰাণ আহুতি দিব লগা হৈছিল।সেই মহান শ্বহীদ সকল হৈছে-কনকলতা, মুকুন্দ কাকতি, মহীৰাম কোঁচ, মনবৰ নাথ, নুমলী নাথ, মণি কছাৰী, নিধানু ৰাজবংশী,কমলা মিৰি, ভোগেশ্বৰী ফুকননী, ঠগিৰাম সুত, লক্ষীকান্ত হাজৰিকা, কুশল কোঁৱৰ, তিলক ডেকা আদি।


                ভাৰত ত্যাগ আন্দোলনৰ পিছত ইংৰাজে ভাৰতবৰ্ষক তেওঁলোকৰ অধীনত ৰখা সম্ভৱ নহ'ব বুলি ভাবি   ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে দেশৰ শাসনভাৰ দেশবাসীৰ হাতত গতাই দিয়ে।তেতিয়াৰ পৰাই আমি বৃটিছৰ শাসনৰ পৰা  স্বাধীনতা লাভ কৰো আৰু ১৫ আগষ্ট তাৰিখটো সমগ্ৰ ভাৰতবাসীয়ে "স্বাধীনতা দিৱস" হিচাপে পালন কৰা হয়।

Sunday, August 15, 2021

Importance of Women Education


Importance of Women Education
 :-

(নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা)


এখন দেশৰ ভবিষ্যত নিৰ্ভৰ কৰে দেশখনৰ শিক্ষা ব্যৱস্থাৰ ওপৰত।শিক্ষা ব্যৱস্থাৰ ওপৰতে এখন দেশৰ আভ্যন্তৰীণ বিকাশ ও নিৰ্ভৰ কৰে।এখন দেশৰ শিক্ষা ব্যৱস্থাৰ লগত বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈছে মহিলাসকলৰ শিক্ষা।মহিলাসকল শিক্ষিত হ'লেহে তেওঁলোকৰ মাধ্যমেৰে সমাজলৈ শিক্ষা সম্পচাৰিত হ'ব।মাতৃ হ'ল শিশুসকলৰ প্ৰথম শিক্ষয়িত্ৰী।জন্মৰ পৰা বিদ্যালয়লৈ যোৱা সময়খিনিলৈ শিশুৰ বিকাশৰ ক্ষেত্ৰত মাকৰ ভূমিকা গুৰুত্বপূৰ্ণ।সেয়েহে মাতৃসকল শিক্ষিত হোৱাটো প্ৰয়োজন।মহিলাসকল শিক্ষিত হ'লেহে শিশুসকল শিক্ষিত হ'ব আৰু শিশুসকল শিক্ষিত হ'লেহে দেশৰ পৰা নিৰক্ষৰতা দূৰ হ'ব।এই প্ৰসংগত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহেৰুদেৱে কৈছিল----

"When you educate a man, you educate an individual and when you educate a woman you educate a whole family"


           এগৰাকী শিক্ষিত মাতৃয়ে পৰিয়ালটোৰ সু -শিক্ষাৰ লগতে সু -স্বাস্থ্যৰ অধিকাৰী কৰিব পাৰে আৰু বৃত্তিমূলক শিক্ষাৰ জৰিয়তে পৰিয়ালৰ আয়ৰ মাত্ৰাও বঢ়াব পাৰে।প্ৰকৃত শিক্ষা আহৰণে নাৰীসকলক সমাজত চলি থকা বিভিন্ন শোষণৰ বিৰুদ্ধে মাত মতাৰ বাবে সবল কৰি তোলে।


         " The University Educatoin Commission-1948-49"(বিশ্ববিদ্যালয় শিক্ষা আয়োগ)ৰ মতে"নাৰী শিক্ষাৰ অবিহনে আমি মানুহ শিক্ষিত হোৱা বুলি ক'ব নোৱাৰো, যদি সাৰ্বজনীন শিক্ষা কেৱল পুৰুষ বা মহিলাৰ মাজতে সীমাবদ্ধ হৈ থাকে তেতিয়াহ'লে নিঃসন্দেহে এই প্ৰবাহ পিছৰ প্ৰজত্মৰ মাজতো বৰ্তি থাকিব।সাৰ্বজনীন শিক্ষা পুৰুষ মহিলা উভয়ৰ কাৰণে অতি প্ৰয়োজনীয়, কাৰণ শিক্ষাই মানুহক বৌদ্ধিক দিশত আগবঢ়াই লৈ যাব পাৰে লগতে ই এজন মানুহক সমাজৰ আৰু দেশৰ উপযোগীকৈ উৎপাদনক্ষম হিচাপে গঢ় দিয়াত সহায় কৰে।"


            স্বাধীনোত্তৰ কালছোৱাত আমাৰ দেশত নাৰী শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছিল যদিও দেশখনৰ অৰ্থসামাজিক উন্নতিৰ বিভিন্ন ক্ষেত্ৰত এতিয়াও প্ৰচুৰ পৰিমাণে লিংগ বৈষম্য থকা পৰিলক্ষিত হয়। 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ 49%মহিলা।অৰ্থাৎ আমাৰ দেশৰ প্ৰায় আধা জনসংখ্যাই হৈছে মহিলা।2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মহিলাৰ স্বাক্ষৰতাৰ হাৰ 53.67%।ইয়াৰে 72.99% নগৰ অঞ্চলৰ আৰু 46.58% গ্ৰাম্য অঞ্চলৰ।ঠিক সেইদৰে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰা ছোৱালীৰ 24.82% পঞ্চম শ্ৰেণীলৈকে পঢ়াৰ পাছতেই বিদ্যালয় ত্যাগ কৰে আৰু উচ্চ প্ৰাথমিক স্তৰত 50.76% শতাংশ ছোৱালীয়ে বিদ্যালয় ত্যাগ কৰি ঘৰুৱা কামত মনোনিবেশ কৰে।আনহাতে 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ স্বাক্ষৰতাৰ হাৰ 74.04%আৰু ইয়াৰে 65.46% মহিলা আৰু 82.14% পুৰুষ।ইয়াৰ পৰা দেখা যায় যে পূৰ্বৰ তুলনাত  স্বাক্ষৰতাৰ হাৰ বৃদ্ধি পালেও এতিয়াও পুৰুষৰ তুলনাত মহিলাসকল পিছ পৰি আছে।



          "ৰাষ্ট্ৰীয় শিক্ষানীতি-1986"য়ে সামাজিক আৰু অৰ্থনৈতিক কাৰ্য -কলাপত নাৰীৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে নাৰী শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।এই নীতি অনুসৰি-"Education will be used as an agent of basic change in the status of women." ইয়াৰোপৰি "ৰাষ্ট্ৰীয় শিক্ষা নীতি-1986'য়ে শিক্ষা আহৰণৰ বাধা দূৰ কৰি মহিলা স্বাক্ষৰতা বৃদ্ধি কৰা, প্ৰাথমিক শিক্ষা সবল কৰাৰ বিশেষ সহায়ক সেৱা আৰু নিৰীক্ষণৰ ব্যৱস্থা কৰিছে।

           "ৰাষ্ট্ৰীয় মহিলা সৱলীকৰণ নীতি---2001" য়ে মহিলাসকলৰ শিক্ষাৰ কিছুমান দিশত গুৰুত্ব প্ৰদান কৰিছিল।সেইবোৰ হৈছে--মহিলাসকলৰ সম- সুবিধা,বৈষম্যতা দূৰ কৰা, শিক্ষাৰ সাৰ্বজনীনকৰণ,লিংগ সচেতন পাঠ্যক্ৰম, শিক্ষাত লিংগ বৈষম্য দূৰীকৰণ আদি।

           নাৰী শিক্ষা বিকাশৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ সমস্যা এতিয়াও আমাৰ সমাজত বিদ্যমান।বৰ্তমান সময়তো বহুতো অঞ্চলত পিতৃ-মাতৃৰ অজ্ঞতা আৰু নিৰক্ষৰতাৰ বাবে বহুতো ছোৱালীয়ে শিক্ষা লাভৰ পৰা বঞ্চিত হৈ আছে।এতিয়াও কিছুমান অঞ্চলত কু-সংস্কাৰ আৰু ৰক্ষণশীল মনোভাৱৰ বাবে ছোৱালীয়ে আধাতে পঢ়া সামৰিব লগা হয়। ছোৱালীৰ বাবে সুকীয়া শিক্ষানুষ্ঠানৰ অভাৱেও নাৰী শিক্ষা বিকাশত বাধাৰ সৃষ্টি কৰিছে।যাতায়তৰ অসুবিধা, শিক্ষানুষ্ঠানৰ দূৰত্ব, আৰ্থিক সমস্যাৰ বাবেও বহু নাৰীয়ে শিক্ষা লাভৰ পৰা বঞ্চিত হয়।নাৰী শিক্ষা প্ৰসাৰৰ বাবে এই সমস্যাসমূহ দূৰ কৰি নাৰী সকলক শিক্ষাৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগিব।এই ক্ষেত্ৰত পিতৃ-মাতৃ, অভিভাৱকসকলৰ লগতে সামাজিক সহযোগিতা নিতান্তই প্ৰয়োজনীয়।


            


         



Tuesday, August 3, 2021

Role of the education in women empowerment

Role of the Education in Women Empowerment:-

(নাৰী সৱলীকৰণত শিক্ষাৰ ভূমিকা):


"Educate your women first and leave them to themselves: then they will tell you what reforms are necessary for them"__Swami Vivekananda.

   নাৰী সকল দেশ বা সমাজৰ মেৰুদণ্ড স্বৰূপ।এখন দেশ বা সমাজৰ উন্নতি বহুলাংশে নিৰ্ভৰ কৰে সেই দেশৰ নাৰীৰ প্ৰগতিৰ ওপৰত।নাৰীসকলক বাদ দি পৃথিৱীৰ কোনো দেশেই প্ৰগতিৰ পথত আগুৱাব নোৱাৰে।সমাজত নাৰীৰ স্থিতি যিমানেই সক্ৰিয় আৰু সন্মানজনক হব সিমানেই আমাৰ সমাজ ব্যৱস্থাও উন্নত হব।ইউৰোপ, আমেৰিকা আদি উন্নত দেশসমূহৰ নাৰীসকলবহু বছৰ আগৰ পৰাই পুৰুষৰ সমানেই সকলো দিশতে আগবঢ়া।আমাৰ দেশৰ সংবিধানেও নাৰীক পুৰুষৰ সমানে অধিকাৰ দিছে যদিও আমাৰ পুৰুষ প্ৰধান সমাজত প্ৰচলিত কিছুমান ধাৰণাৰ বাবে নাৰীক সদায় পুৰুষৰ অধীন কৰি ৰখাৰ প্ৰৱণতা দেখা যায়।পুৰুষৰ সমানে আগবাঢ়ি যোৱাৰ অধিকাৰ নাৰীৰো আছে যদিও নাৰীয়ে এনে কিছুমান সমস্যাৰ সন্মুখীন হবলগীয়া হয় ,যাৰবাবে নাৰীৰ সুপ্ত শক্তিয়ে প্ৰাধান্য নোপোৱাকৈ থাকি যায়।নাৰী পুৰুষৰ ওচৰত শাৰীৰিক, মানসিক, অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক স্থানত বাধাৰ সন্মুখীন হয়।সেয়েহে বৰ্তমান সময়ত "নাৰী সৱলীকৰণ"(Women Emperment)বিষয় টিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।নাৰী সৱলীকৰণৰ বাবে প্ৰয়োজন হয় উপযুক্ত শিক্ষা।শিক্ষাইহে নাৰীক সৱলীকৰণৰ দিশত আগুৱাই নিব পাৰিব।সেয়েহে নাৰী সৱলীকৰণৰ বাবে শিক্ষাক অগ্ৰাধিকাৰ দিবই লাগিব।


          শিক্ষা আৰু সৱলীকৰণৰ মাজত গভীৰ সম্পৰ্ক আছে।নাৰীসকলক সকলো প্ৰকাৰৰ আৰ্থ-সামাজিক দমন, নিপীড়নৰ পৰা মুক্ত কৰি পুৰুষৰ সমানে সকলো প্ৰকাৰৰ অধিকাৰ প্ৰদান কৰা প্ৰক্রিয়াক সৰল অৰ্থত নাৰী সৱলীকৰণ আখ্যা দিয়া হয়।ইয়াৰ বাবে সমাজ জীৱনত প্ৰকৃত গণতান্ত্ৰিক বাতাবৰণ সৃষ্টি হোৱাটো প্ৰয়োজন।এনে সকলো কাৰ্যৰ বাবে শিক্ষাৰ ভূমিকা আৰু প্ৰয়োজনীয়তা অধিক।শিক্ষাইহে নাৰীসকলৰ ব্যক্তিসত্তা বিকশাই তুলি দৈহিক আৰু মানসিক ভাৱে সক্ষম কৰি তুলিব পাৰিব।

           

             সাংবিধানিক  সমতা, আইনী সুৰক্ষা আৰু চৰকাৰী সা-সুবিধা সমূহ পৰ্যাপ্ত পৰিমানে থকাৰ পাছতো ভাৰতবর্ষৰ বহুতো অঞ্চল নাৰী সৱলীকৰণত এতিয়াও পিছ পৰি থকা দেখা যায়।কেৱল চৰকাৰী আঁচনি আৰু আইনৰ অধিনিয়মসমূহেই নাৰী সৱলীকৰণৰ বাবে যথেষ্ট নহয়।ইয়াৰ বাবে প্ৰয়োজন হয় শিক্ষাৰ।"National Curriculum  Framework" মতে "Education of women is an important key to improving health, nutrition and education in the family and also empowering them to participate in decision making". তদুপৰি শিক্ষাই নাৰীসকলৰ আৰ্থিক নিৰাপত্তা, আত্মবিশ্বাস, সুস্বাস্থ্য,বহুমুখী প্ৰতিভাৰ বিকাশকে ধৰি জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানৰ মুখামুখি হব পৰাকৈ সাজু কৰি তোলে।


            ভাৰত চৰকাৰে National Literacy Mission(NLM)1988চনত মহিলা সকলৰ বাবে বহল ভিত্তিক শিক্ষাৰ ওপৰত গুৰুত্ব দিছে যিয়ে মহিলা সকলৰ অৰ্থনৈতিক স্বচ্ছলতাৰ বাট সুচল কৰিব পাৰে। সৱলীকৰণে সমাজত চলি থকা নাৰী পৰাধীনতা আৰু একঘেয়ামী ঘৰুৱা কাম সমূহৰ পৰা মুক্ত কৰিবৰ বাবে প্ৰচেষ্টা লোৱাৰ উপৰিও সমাজত নাৰীৰ স্থানৰ প্ৰতি সচেতনতাৰ ভাব জগাই তোলাৰ ওপৰত প্ৰাধান্য দিছিল।শিক্ষাৰ দ্বাৰা এগৰাকী নাৰীয়ে নিজকে গঢ় দিয়াৰ লগতে সূক্ষ্ম বিশ্লেষণাত্মক দৃষ্টিভঙ্গীৰে যিকোনো সমস্যা সমাধান কৰিব পাৰে।তদুপৰি শিক্ষাই পৰম্পৰাগত ক্ষমতা গাথঁনিত থকা লিংগ বৈষম্যৰ বিষয়েওএগৰাকী মহিলাক সচেতন কৰি তোলে।


শিক্ষাৰ দ্বাৰা নাৰী সৱলীকৰণৰ বাবে লবলগীয়া পদক্ষেপ সমূহ হৈছে--

১/নাৰীৰ বাবে আছুতীয়া শিক্ষানুষ্ঠান স্থাপন কৰা।

২/সমাজত পৰম্পৰাগত ভাৱে চলি অহা কিছুমান ৰীতি নীতি যেনে-বাল্য বিবাহ, শিশু শ্রমিক, যৌতুক-ব্যৱস্থা, কন্যা ভ্ৰূণ হত্যা, বহুপত্নী বিবাহ আদিৰ বিৰুদ্ধে জন সচেতনতা সৃষ্টি কৰিব লাগে আৰু চৰকাৰী আঁচনি আৰু আইনৰ সহায়ত এইবোৰ বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগে।

৩/গ্ৰামাঞ্চলৰ মহিলাসকলৰ শিক্ষাৰ ক্ষেত্ৰত মহিলা সমিতি, ৰাজ্যিক মহিলা শিক্ষা পৰিষদ, বিভিন্ন জিলা সন্থা আদিৰ মাজত এটা সু সম্পৰ্ক গঢ়ি তুলিব লাগিব যাতে তেওঁলোকে একেলগে মহিলা শিক্ষাৰ গুৰুত্বৰ ক্ষেত্ৰত মাত মাতিব পাৰে আৰু জন সাধাৰণৰ মাজত সচেতনতা জগাই তুলিব পাৰে।

৪/দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰী সকলৰ বাবে শৈক্ষিক অনুদানৰ ব্যৱস্থা কৰিব লাগে যাতে তেওঁলোকে অৰ্থৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত নহয়।ইয়াৰোপৰি ছাত্ৰীসকল যাতে শিক্ষাৰ প্ৰতি আকৃষ্ট হয়, তাৰবাবে চৰকাৰে বিভিন্ন আঁচনিৰ সহায়ত বিভিন্ন সা-সুবিধাৰ ব্যৱস্থা কৰিব লাগে।

৫/গ্ৰামাঞ্চলৰ মহিলাসকলৰ বাবে বিভিন্ন বৃত্তিমূলক আৰু কাৰিকৰী শিক্ষাৰ ব্যৱস্থা কৰিব লাগে আৰু উপযুক্ত প্ৰশিক্ষণ আৰু চৰকাৰী সাহায্যৰ দ্বাৰা তেওঁলোকক আত্মনির্ভৰশীল কৰি তুলিব লাগে।

৬/চৰকাৰ আৰু NGO ৰ পাৰস্পৰিক সহযোগিতাৰ যোগেদি নাৰী সৱলীকৰণৰ চৰকাৰী আঁচনি সমূহৰ সফল ৰূপায়ণৰ ব্যৱস্থা কৰিব লাগে।


           এখন সুস্থ সবল সমাজ গঠনত নাৰীৰ ভূমিকা অনস্বীকাৰ্য প্ৰতিগৰাকী নাৰীৰ মাজত বহুতো প্ৰতিভা সুপ্ত হৈ থাকে।শিক্ষা হৈছে এক শক্তিশালী আহিলা, যিয়ে নাৰীসকলৰ মাজত থকা প্ৰতিভাসমূহ বিকাশৰ যোগেদি নাৰীসকলক উন্নতিৰ শিখৰলৈ লৈ যাব পাৰে আৰু পুৰুষ মহিলাৰ মাজত থকা অসমতা সমূহ দূৰ কৰি সমাজত নাৰীৰ পদমৰ্যাদা বৃদ্ধি কৰিব পাৰে।এগৰাকী শিক্ষিত নাৰী নিজৰ অধিকাৰ সমূহৰ বিষয়ে সদায় সচেতন হয় আৰু নিজৰ কৰ্তব্য সমূহ সুচাৰুভাৱে পালন কৰিব পাৰে।এগৰাকী শিক্ষিত নাৰীয়েহে পৰিয়াল আৰু সমাজ এখনক শুদ্ধ পথেৰে পৰিচালিত কৰিব পাৰে।

             গতিকে আমি ক'ব পাৰো যে শিক্ষাই নাৰী সৱলীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।নাৰীসকলৰ মাজত ব্যাপকভাবে শিক্ষাৰ প্ৰসাৰ হ'লে সুসংগঠিতভাবে সকলো নিৰ্যাতনৰ বিৰুদ্ধে থিয় দিয়াৰ উপৰিও নিজৰ কাৰ্যদক্ষতা, সামাজিক দায়বদ্ধতা, সামাজিক আৰু ৰাজনৈতিক তৎপৰতা আৰু সচেতনতাৰ সহায়ত সমাজত নাৰী পুৰুষৰ সমতা স্থাপন কৰিব পাৰিব।

           



চুটিগল্প

চুটিগল্প:-জীৱনৰ ৰং               চৰম দুৰ্যোগৰ সেই দিনবোৰতে তেওঁ আহিছিল মোৰ জীৱনলৈ।ভাঙি পৰা মইজনীক তুলি ধৰিছিল আলফুলকৈ।ক'ব নোৱাৰাকৈয়ে মই ...