Tuesday, July 13, 2021

নাৰী, নাৰীবাদ বনাম নাৰীৰ সম অধিকাৰ

 নাৰী পৃথিৱীৰ শ্ৰেষ্ঠতম কবিতা, সৌন্দৰ্যৰ আকৰ।নাৰীৰ অবিহনে জানো পৃথিৱীৰ সৃষ্টিৰ সম্ভাৱনাক কল্পনা কৰিব পাৰি?প্ৰকৃততে পৃথিৱীখনক যিয়ে ইমান বৈচিত্ৰময় কৰি ৰাখিব পাৰিছে তাৰ ভিতৰত নাৰীও অন্যতম।নাৰী তেজস্বীনি।নাৰীৰ সৌন্দৰ্যই কোনো সৃষ্টি কাৰী লিখকৰ লিখনিৰ আধাৰ হৈ পৰে,কোনো শিল্পীৰ হৈ পৰে তুলিকা।নাৰীৰ এই সৌন্দৰ্যত দেহৰ সৌন্দৰ্যৰ লগতে মনৰ সৌন্দৰ্য তথা ব্যক্তিত্ব, বুদ্ধিমত্তা, সৃজনীশীলতা আদি সাঙোৰ খাই আছে।এগৰাকী নাৰীৰ মাজত লুকাই থাকে প্ৰচুৰ বুদ্ধিমত্তা আৰু সৃজনীশীলতা।কেৱল দৈহিক ভাবে সুন্দৰ হ'লেই এগৰাকী নাৰী সুন্দৰ হ'ব নোৱাৰে।নাৰী সৌন্দৰ্যৰ মূল আধাৰ হ'ল এটি সুন্দৰ মন আৰু ব্যক্তিত্ব।প্ৰখৰ মেধা আৰু বুদ্ধিমত্তাৰ ফলত আজিৰ নাৰী উন্নতিৰ শিখৰত আৰোহণ কৰিছে।অমৃতা প্ৰীতম, মেধা পাটকাৰ, টছলিমা নাচৰিন, মহাশ্বেতাদেৱী আদিৰ দৰে নাৰীয়ে তাৰুণ্য বজাই ৰাখিছে য'ত দেহৰ সৌন্দৰ্যত কৈ মনৰ সৌন্দৰ্যইহে প্ৰাধান্য পাইছে।


             কিন্তু সেয়ে হ'লেও যুগে যুগে আমাৰ সমাজত নাৰী লাঞ্ছিতা, বঞ্চিতা আৰু সদায় হেয় প্ৰতিপন্ন কৰি অহা হৈছে।সেয়ে নাৰীৰ ন্যায্য প্ৰাপ্তিৰ দাবীত আত্ম-প্ৰতিষ্ঠা আৰু আত্ম অধিকাৰ, আত্ম পৰিচয়ৰ সুযোগ সুবিধাৰ যোগসূত্ৰ হিচাপেই জন্ম হয় নাৰীবাদৰ।"নাৰীবাদ"(Feminism) হৈছে বিংশ শতাব্দীত উদ্ভূত এক দৰ্শন যি দৰ্শনে পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে নাৰীৰ সমতা, স্বাধীনতাত বিশ্বাস কৰে।নাৰীবাদ হৈছে পুৰুষৰ সমানে ৰাজনৈতিক, আইন, অৰ্থনৈতিক আৰু অন্যান্য অধিকাৰসমূহৰ ক্ষেত্ৰত সফলতা অর্জনৰ জৰিয়তে মহিলাৰ স্থান, মৰ্যদা অগ্ৰ গামী কৰাৰ এক তত্ব বা আন্দোলন।ইৰিছ কৰ্মী ফ্ৰেনচেচ পাৱাৰ ক'বলে  ১৮৮৪ চনত নাৰীবাদ শব্দটো পোন প্ৰথম বাৰৰ বাবে ব্যৱহাৰ কৰিছিল।১৮৩৭ খ্ৰীষ্টাব্দত ফৰাচী দাৰ্শনিক তথা ইউৰোপীয় সমাজবাদী চাৰ্লছ ফুৰিয়ে প্ৰথম"নাৰীবাদ"শব্দটো আনুষ্ঠানিক ভাৱে ব্যৱহাৰ কৰিছিল।১৮৭১ চনত ফ্ৰান্সৰ এক চিকিৎসমূলক বৰ্ণনাৰ নাৰীবাদী শব্দৰ উল্লেখ পোৱা যায়।আন এজন ফৰাচী লেখক আলেকজেণ্ডাৰ ডুনামচে মহিলাসকলক বুজাবলৈ"নাৰীবাদ"শব্দটো ব্যৱহাৰ কৰিছিল।১৭৯২ চনত মেৰী উইলষ্টন ক্ৰাফটৰ"এ ভিণ্ডিকেচন অৱ দ্য ৰাইটচ অৱ উইমেন",১৮৪৫ চনত মাৰ্গৰেট ফুলাৰৰ"উইমেন ইন দ্য নাইনটিন্থ চেঞ্চুৰি"আৰু ১৮৬৯ চনত জন ষ্টুৱাৰ্ড মিলৰ"দ্য ছাবজেকচন অৱ উইমেন"নামৰ গ্ৰন্থকেইখনে নাৰীবাদক সুষ্পষ্ট ধাৰণাৰে সুনিৰ্দিষ্ট ৰূপেৰে সজাই তুলিবলৈ সক্ষম হ'ল।বৰ্তমান নাৰীবাদে মাক্সবাদ, মনোজ্ঞ বিশ্লেষণাত্মক তত্ব, বিভিন্ন যুক্তিযুক্ত কাৰ্য প্ৰণালী আদিক সামৰি পেলাইছে।

        নাৰীবাদী ধাৰণাৰ মূলভেটি পাশ্চাত্য যদিও ই লাহে লাহে প্ৰাচ্যৰ ফালেও প্ৰসাৰ লাভ কৰে।অৱশ্যে পাশ্চাত্যৰ নাৰীবাদী ধাৰণা আৰু প্ৰাচ্যৰ ধাৰণাৰ মাজত পাৰ্থক্যৰ পৰিলক্ষিত হয় বুলি একাংশ পণ্ডিতে মতপোষণ কৰে।ভাৰতীয় নাৰীবাদৰ ধাৰণা পশ্চিমীয়া নাৰীবাদৰ এক বৰ্ধিত ৰূপ।ভাৰতীয় নাৰীবাদৰ নিজা ৰূপ আজিও গঢ় লৈ নুঠিল।ইউৰোপীয় আৰু আমেৰিকান নাৰীবাদৰে এক প্ৰসাৰিত ৰূপ হিচাপে ভাৰতীয় নাৰীবাদ মূল ভাৰতীয় সূতিটোৰ পৰা নিলগতে ৰৈ গ'ল।


           নাৰীবাদ আৰু নাৰীৰ সম অধিকাৰ এই দুয়োটা বিষয় দেখাত একে যেন লাগিলেও ইয়াৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়।নাৰীৰ অধিকাৰ মানে হৈছে এগৰাকী নাৰীয়ে জন্মগত ভাবে লাভ কৰা অধিকাৰ।এগৰাকী নাৰীয়ে নিজৰ ঘৰখনত, সমাজখনত, কৰ্ম স্থলীত, ধৰ্মীয় অনুষ্ঠান,শিক্ষানুস্থানত পুৰুষৰ সমানে সন্মান আৰু পদবী লাভ কৰিলেহে সম অধিকাৰ পোৱা বুলি গণ্য কৰিব পাৰি

নাৰীবাদেও নাৰীয়ে পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে আগবাঢ়ি যোৱাটো সমৰ্থন কৰে যদিও কোনো কোনো ক্ষেত্ৰত নাৰীবাদে নাৰীক দুৰ্বল কৰি পেলোৱা দেখা যায়।ইয়াৰোপৰি নাৰীবাদে আগবঢ়োৱা ধাৰণাসমূহ কেতিয়াবা আপেক্ষিক বা পক্ষপাতমুলক হ'ব পাৰে।কিন্তু সম অধিকাৰে নাৰীক পুৰুষৰ সমানে সকলো ক্ষেত্ৰতে সমতা প্ৰদান কৰা বিষয়ত গুৰুত্ব প্ৰদান কৰে।দ্বিতীয়তে নাৰীবাদ মানেই এক পুৰুষ বিদ্বেষ ধাৰণা মানুহৰ মনত শিপাই গৈছে।এচাম মানুহৰ মতে নাৰীবাদ মানেই পুৰুষৰ বিৰোধিতা কৰা।মানুহৰ এনে ভুল ধাৰণাৰ বাবেই নাৰীবাদী দৰ্শন ফলপ্ৰসূ হোৱাত বাধাৰ সৃষ্টি হয়।কিন্তু নাৰীৰ সম অধিকাৰে এগৰাকী নাৰীয়ে মানুহ হিচাপে পাব লগা সা সুবিধা সমূহৰ সম্পর্কেহে নীতি নিৰ্দেশনা দি আহিছে।

               কিন্তু এতিয়াও বহু ক্ষেত্ৰত নাৰী পদে পদে লাঞ্ছিতা, বঞ্চিতা হৈ ৰয়।এতিয়াও প্ৰতিটো খোজতে নাৰী বৈষম্যৰ সন্মুখীন হব লগা হয়।প্ৰতিদিনে নাৰী নিৰ্যাতনৰ খবৰ, ধৰ্ষণ ৰ  খবৰ, যুৱতী অপহৰণৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰে।ভাৰতীয় সংবিধানে বৰ্তমান nsri সুৰক্ষা তথা অধিকাৰৰ প্ৰতি লক্ষ্য ৰাখি নাৰী সুৰক্ষা, অধিকাৰ, সৱলীকৰণ,ঘৰুৱা  হত্যা হিংসা,যৌতুক প্ৰথা নিৰোধ, সতীদাহ, বাল্য বিবাহ, সমহাৰত দৰমহা বা হাজিৰা আদিৰ ক্ষেত্ৰত বহু আইন প্ৰণয়ন কৰিছে।১৯৯০ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰি আৰু ৰাজ্যিক মহিলা আয়োগসমূহৰ জৰিয়তেও নাৰীৰ এনেবোৰ সমস্যাৰ ক্ষেত্ৰত দৃঢ় পদক্ষেপেৰে নাৰীৰ সুৰক্ষাৰ বাবে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়া হৈছে।তথাপি বেছিভাগ সমস্যাতে ন্যায় লাভ কৰাৰ ক্ষেত্ৰত আশানুৰূপ ভাবে এই আইন সমূহ ফলপ্ৰসূ হোৱা দেখা নাযায়।নাৰীৰ সম অধিকাৰৰ ক্ষেত্ৰত মানুহৰ মাজত সচেতনতা গঢ়ি তুলিবলৈ হ'লে এই আইন সমূহৰ বিষয়ে সকলো শ্ৰেণীৰ লোকৰ মাজত প্ৰচাৰ কৰিব লাগিব আৰু সাধাৰণ লোক সকলক এই আইনসমূহৰ বিষয়ে অৱগত কৰিব লাগিব।


           নাৰীৰ সম অধিকাৰ আইনেই হওক বা নাৰীবাদী দৰ্শনেই হওক প্ৰথম কথা হ'ল নাৰী আৰু পুৰুষ উভয়ে উভয়ক সন্মান জনাব পাৰিলেহে সুস্থ সমাজ এখন বৰ্তি থাকিব।নাৰীৰ মৰ্যাদা আৰু সন্মান প্ৰাপ্তিৰ বাবে আজিৰ নাৰী পুৰুষ দুয়ো পক্ষৰে প্ৰচেষ্টা আৰু সদ্ভাৱৰ প্ৰয়োজন।সবল নাৰী আৰু সৎ পুৰুষৰ সন্মিলিত প্ৰচেষ্টাত হে এখন সুন্দৰ আৰু নিকা সমাজ গঢ় লৈ উঠিব।

1 comment:

চুটিগল্প

চুটিগল্প:-জীৱনৰ ৰং               চৰম দুৰ্যোগৰ সেই দিনবোৰতে তেওঁ আহিছিল মোৰ জীৱনলৈ।ভাঙি পৰা মইজনীক তুলি ধৰিছিল আলফুলকৈ।ক'ব নোৱাৰাকৈয়ে মই ...