Sunday, March 28, 2021

Women Empowerment


 নাৰী সবলীকৰণ(Women Empowerment):-

নাৰী সৱলীকৰণ(Woman Empowerment)বিষয়টো সম্প্ৰতি বহুলভাৱে চৰ্চিত বিষয়ৰূপে পৰিগণিত হৈছে।সৱলীকৰণৰ ইংৰাজী প্ৰতিশব্দ empowerment ৰাশিটোত power ৰ আগত দিয়া উপসৰ্গ Em য়ে " to make"বনোৱা couse to be "হোৱাৰ কাৰণ"বুলি বুজায়।অৰ্থাৎ "Empowerment"শব্দই ক্ষমতাশালী বনোৱাটো বুজায়।নাৰী সৱলীকৰণ বুলি ক'লে মহিলাৰ নিজৰ দক্ষতা অনুসৰি আত্ম বিশ্বাস বঢ়াই তোলা আৰু মহিলাসকলৰ প্ৰায়বোৰ দিশত যেনে আৰ্থিক, ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিক শক্তি বৃদ্ধি কৰা বুজায়।নাৰীৰ সবলীকৰণে নাৰীক সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰি আত্ম বিশ্বাসী হোৱাত আৰু যিকোনো পৰিস্থিতিৰ লগত সমাযোজন কৰাত সহায় কৰে।নাৰী সৱলীকৰণে নাৰীক পৰিয়াল তথা সমাজৰ প্ৰতি থকা অৰ্থনৈতিক অৱদান সম্পৰ্কে সচেতন কৰি তোলাত সহায় কৰে।

১৯৮৫ চনত নাইজেৰিয়াত অনুষ্ঠিত হোৱা আন্তৰাষ্ট্ৰীয় মহিলা সন্মিলনে মহিলা সৱলীকৰণৰ সম্পৰ্কে এনেদৰে কৈছে––"মহিলা সৱলীকৰণ হ'ল সামাজিক শক্তি আৰু সম্পদ নিয়ন্ত্ৰণ ব্যৱস্থা মহিলাৰ হিতাৰ্থে পুনৰ বিতৰণ কৰাৰ প্ৰক্ৰিয়া"।

নাৰী সৱলীকৰণৰ উদ্দেশ্য সমূহ:-নাৰী সৱলীকৰণৰ উদ্দেশ্য সমূহ হৈছে–––

১/এখন দেশৰ নাৰীসকলে যাতে পুৰুষৰ সমানে অধিকাৰ সাব্যস্ত কৰিব পাৰে, সমমৰ্যাদা লাভ কৰিব পাৰে তাৰ ওপৰত নাৰী সৱলীকৰণে গুৰুত্ব দিয়ে।

২/নাৰী সৱলীকৰণে মহিলাসকলক আৰ্থিক ভাৱে স্বাৱলম্বী হোৱাত অনুপ্ৰেৰণা যোগায়।

৩/মহিলা সবলীকৰণে নাৰীসকলক ৰাজনৈতিক ক্ষমতা প্ৰদান কৰে।অৰ্থাৎ সৱলীকৰণে নাৰীসকলক ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰভাৱশালী কৰি তোলে।

৪/মহিলা সবলীকৰণে সৰু পৰিয়াল সুখী পৰিয়াল ধাৰণা বাস্তৱায়িত কৰাত সহায় কৰে।

৫/মহিলা সবলীকৰণে মহিলাৰ সুপ্ত প্ৰতিভাসমূহ বিকাশ সাধন কৰি তোলে আৰু স্বীকৃতি প্ৰদান কৰে।

Sunday, February 7, 2021

Assamese short story অসমীয়া চুটি গল্প

 

সিদ্ধান্ত


               খবৰটো পোৱাৰে পৰা ৰিনি ৰ মনটো অস্থিৰ হৈ আছে।সিহঁতৰ গাঁৱৰে নয়নে দিলে খবৰটো।তাইৰ দেউতাকৰ বোলে অসুখ।আজি ভালেমান দিন হল।চিকিৎসা কৰি আছে কিন্তু একো পৰিবৰ্তন হোৱা নাই।ঘৰখনৰ একমাত্ৰ ছোৱালী ৰিনি পৰিয়ালৰ অমতত প্ৰেমিক গৌৰৱৰ লগত পলাই বিয়া হৈছিল।সেইদিন ধৰি ঘৰৰ মানুহে তাইৰ লগত সকলো সম্পৰ্ক শেষ কৰি দিছিল।আনকি দেউতাকে তাইৰ মুখ নাচাও বুলিও শপত লৈছে।সেইজন দেউতাকৰে এতিয়া অসুখ।স্কুলৰ পৰা আহোঁতে সিহঁতৰ গাঁৱৰে নয়নে ৰাস্তাতে তাইক খবৰটো দিলে।খবৰটো পাই তাই ইমানেই অস্থিৰ হল যে কেতিয়ানো ঘৰ পালেহি গমেই নাপালে।

              চোতালত ভৰি থৈয়ে তাই ভিতৰত কোনোবাই কথা পাতি থকা শুনিলে।বাহিৰৰ কোঠাতে তাইৰ শাহুয়েক আৰু গাঁৱৰে কেইগৰাকী মান মানুহে কথা পাতি আছিল।শাহুয়েকে তাইক কিবা এটা কৈছিল কিন্তু তাইৰ কাণত একো নোসোমাল। তাই চিধাই নিজৰ কোঠাত সোমাই উচুপি উচুপি কান্দিবলৈ ধৰিলে।বাৰে বাৰে দেউতাকৰ মুখখন মনলৈ আহিল।কিমান যে মৰম কৰিছিল তাইক দেউতাকে কিন্তু তাই তেওঁক কেৱল দুখহে দিলে।নিজকে বৰ স্বার্থপৰৰ দৰে লাগিল।কিন্তু দেউতাকেও টো তাইক বুজিবলৈ চেষ্টা নকৰিলে।কিনো ভুল কৰিলে তাই ।গৌৰৱক ভাল পাই তাৰ লগত পলাই অহাটোৱে ভুল হলনে।তাইৰ মাক দেউতাকে ও প্ৰেম বিবাহ কৰিছিল।তাই মনতে সকল্প ললে যে তাই দেউতাকৰ ওচৰলৈ যাব আৰু তাই কৰা ভুলৰ ক্ষমা বিচাৰিব।সকলো ভুলৰে  প্ৰায়শ্চিত্ত থাকে।তাইকো দেউতাকে যিয়ে শাস্তি নিদিয়ক কিয় তাই মুৰ পাতি লব।সিদ্ধান্তটো লৈ তাইৰ মনৰ পৰা বহুদিনীয়া বোজা এটা খহি পৰাৰ দৰে লাগিল।

Friday, January 29, 2021

Assamese micro story অণুগল্প

                            (৭)

                             দুখ


  "মায়ে কিনো মিছা কথা কৈছে, তুমি কি আনিছা তোমাৰ মাৰাৰ ঘৰৰ পৰা?শুদা হাতখন লৈহে আহিছা।এতিয়া এইবোৰ কথা শুনাই মোৰ মূৰটো গৰম কৰি নাথাকিবা।"


              তাইৰ প্ৰেম আৰু বিশ্বাসৰ পাত্ৰ, তাইৰ স্বামী অমলৰ মুখৰ কথা কেইষাৰে নয়নাক ক্ষন্তেকৰ  বাবে বোবা কৰি পেলালে।অমলৰ বাবেই সকলো সম্পৰ্ক শেষ কৰি এৰি থৈ অহা মাক- দেউতাকলৈ মনত পৰি তাইৰ বুকুলৈকে দুখ এটা উজাই আহিল।

                             -–––––––

                                   (৮)


                             স্বপ্নভংগ


     আন দহজনী ছোৱালীৰ দৰে ৰাগিনীৰো এটা সপোন আছিল বিয়াৰ পিছত স্বামীৰ সৈতে এখন সুখৰ সংসাৰ গঢ়াৰ।কিন্তু বিয়াৰ কিছুদিনৰ পাছতেই তাইৰ সকলো সপোন ভাগি চুৰমাৰ হৈ গ'ল যেতিয়া তাই গম পালে তাইৰ স্বামী ৰাজীৱ এজন 'এইচ. আই. ভি. পজিটিভ'ব্যক্তি আৰু সেই মাৰাত্মক এইডছ সৃষ্টিকাৰী ভাইৰাছ এতিয়া তাইৰ তেজটো কিলবিলাই ফুৰিছে।

                        –––––––


                           (৯)

                        স্বপ্নভংগ


       "তুমি এটা বিশ্বাসঘাটক, ঠগ,প্ৰৱঞ্চক।মই তোমাক ঘৃণা কৰোঁ।আৰু কেতিয়াও তুমি মোৰ সন্মুখলৈ নাহিবা"  

            এইদৰে কৈ কান্দি কান্দি গুচি যোৱা ৰিমিৰ ফালে চাই চাই মৃগাংক ই ভাবিলে........

 "তোমাক কেনেকৈ বুজাও ৰিমি,তোমাক মোৰ পৰা আঁতৰাই পঠাবলৈকে মই ঘৰত ছোৱালী ঠিক কৰাৰ নাটকখন কৰিলোঁ কাৰণ ডাক্টৰৰ মতে মোৰ যে আয়ুস মাত্ৰ তিনিমাহ"।


                             _________


                              (১০)



                    এটা সপোনৰ পৰিসমাপ্তি

                –––––––––––––––––


         "মই দিন হাজিৰা কৰা পইচা কেইটাৰে তোক বিশ্ববিদ্যালয়ত কেনেকৈ পঢ়ুৱাম আই, যি কেইটা সাঁচতীয়া পইচা আছিল তোক কলেজত পঢ়ুৱাওঁতেই শেষ হ'ল।এতিয়া ইয়াতে কিবা এটা কৰাৰ কথাকে ভাব।" দেউতাকে কোৱা কথাখিনি শুনি অঞ্চলটোৰ ভিতৰতে নাম কৰি পাছ কৰা ৰিনীয়ে বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱাৰ সপোনটো সামৰি থ'লে।

                              -------------


                            (১১)


                               অব্যক্ত 


পার্কখনৰ এটা মূৰত একান্ত মনে খেলি থকা শিশু কেইটা চাই চাই সৰলা দেৱীয়ে বিদেশত ডাঙৰ হোৱা, কেতিয়াও চুই চাবলৈ নোপোৱা তেওঁৰ নাতি তোলৈ মনত পেলাই চকুপানী টুকিলে।

                              -------------

                                (১২)


                            স্বপ্ন ভংগ


অৱশেষত সি ঠিক কৰিলে যে সি সেই পদপথত দেখি অহা ছোৱালীজনীক লৈয়ে গল্পটো লিখিব।চহৰৰ ব্যস্ততাৰ মাজত এটি অকলশৰীয়া, নিষ্পাপ চৰিত্ৰ।সি কাগজ, কলম সাজু কৰিছিল মাথোঁ এনেতে দুৱাৰত টোকৰ পৰিল আৰু শুনিবলৈ পালে ঘৰৰ মালিকনীৰ কৰ্কশ কণ্ঠ"আজি মাহৰ দহ তাৰিখ পাৰ হৈ গৈছে,আগৰ দুমাহৰ ভাড়া দিয়া নাই আৰু দুদিনৰ ভিতৰত ভাড়া নিদিলে ঘৰ খালী কৰি দিবা।" হঠাৎ তাৰ মনৰ পৰা গল্পৰ নিচা নোহোৱা হৈছিল..আৰু...  ছোৱালীজনীও হেৰাই গ'ল।

                            ------------

Thursday, January 28, 2021

Assamese micro story ,Onugalpaঅণুগল্প

                              (৩)

                             অদৃষ্ট


    বিভূতিভূষণ চলিহাই কোনোদিনে অদৃষ্ট বা ভাগ্যক বিশ্বাস কৰা নাছিল।কিন্তু সেই দিনা তেওঁৰ একমাত্ৰ পুত্ৰ-বোৱাৰী আৰু তেওঁৰ কলিজাৰ এফাল নাতিনী জনী বিয়া এখন খাবলৈ বুলি ওলাই গৈ বগা কাপোৰৰ তলত উভতি আহিছিল।তেওঁলোকৰ গাড়ীখন বোলে বালিভৰ্তি ডাম্পাৰ এখনে মহতীয়াই থৈ গৈছিল।জীৱনৰ প্ৰতি থকা সকলো মায়া মোহ হেৰুৱাই এতিয়া চলিহাই সকলো অদৃষ্ট ৰ লিখন বুলিয়েই সান্তনা লভে।

                              ––––––

                                  (৪)

                               স্বপ্নভংগ


       "তুমি এটা বিশ্বাসঘাটক, ঠগ,প্ৰৱঞ্চক।মই তোমাক ঘৃণা কৰোঁ।আৰু কেতিয়াও তুমি মোৰ সন্মুখলৈ নাহিবা"  

            এইদৰে কৈ কান্দি কান্দি গুচি যোৱা ৰিমিৰ ফালে চাই চাই মৃগাংক ই ভাবিলে........

 "তোমাক কেনেকৈ বুজাও ৰিমি,তোমাক মোৰ পৰা আঁতৰাই পঠাবলৈকে মই ঘৰত ছোৱালী ঠিক কৰাৰ নাটকখন কৰিলোঁ কাৰণ ডাক্টৰৰ মতে মোৰ যে আয়ুস মাত্ৰ তিনিমাহ"।


                           __________


                            (৫)

               

                           বাজি


   

   " বিয়াৰ পাছৰে পৰা প্ৰতিবাৰেই তুমিয়েই জিকি আহিছা, এইবাৰটো মোক জিকিবলৈ দিয়া।"


        মৃত্যু শয্যাত পৰি থকা প্রিয় মানুহজনে সেহাই সেহাই কোৱা কথা কেইষাৰ শুনি তেওঁ বুকুত এটা তীব্ৰ বিষ অনুভৱ কৰিলে। হৃদয়ৰ সমস্ত দুখ এটা মিচিকিয়া হাঁহিৰে ঢাকি লৈ তেওঁ কপা কপা ওঁঠেৰে প্রিয় পুৰুষজনৰ কপালত এটা চুমা আঁকি দিলে।


           বিয়াৰ পাছতে কোনোবা এটা মধুৰ সময়ত ধেমালিতে তেওঁলোকে বাজি মাৰিছিল।বাজি অনুসৰি যি জন জিকিব তেওঁৰ কপালত হৰাজনে হাঁহি মুখে এটা চুমা আঁকি তেওঁক শেষ বিদায় জনাব।


(বিশিষ্ট গল্পকাৰ ডঃ ভৃ‌‌‌ংগেশ্বৰ শৰ্মা দেৱৰ গল্প

"মৃত্যু সম্পৰ্কীয় এটা বাজি" ৰ ছাঁ লৈ লিখিবলৈ প্ৰয়াস কৰিলোঁ।)

                       _________


                         (৬)


                  অপ্ৰত্যাশিত


"ঘৰত কোন আছে? কোনোবা আছেনে ঘৰত?"

বাহিৰত কাৰোবাৰ মাত শুনি ধুবলৈ লোৱা বাচন খিনি তাতে এৰি হাততো ধুই নন্দিনী ওলাই আহিল।এগৰাকী বৃদ্ধা,হাতত কেইখনমান কাগজ লৈ চোতালতে ৰৈ আছে।পিন্ধনত মলিয়ন কাপোৰ।নন্দিনীক দেখি বৃদ্ধা গৰাকী আগবাঢ়ি আহি কলে--"আই, মোৰ অসুখ হৈছে।চিকিৎসা কৰিবলৈ পইচা নাই।কেইটামান টকা দি মোক উদ্ধাৰ কৰা আই।এইকেইখন ডাক্তৰৰ কাগজ।"

হাতত থকা কাগজকেইখন নন্দিনীলৈ আগবঢ়াই দিলে।

          বৃদ্ধা গৰাকীক বহিবলৈ দি নন্দিনীয়ে পানী এগিলাজ আগবঢ়াই দিলে।

  "আইতা আপোনাৰ ঘৰত কোনো নাই নেকি?"

  "সেইবোৰ কথা সুধি দুখ নিদিবা আই।থাকোতে সকলো আছিল।আজি লগতহে নাই।মোৰ বোৱাৰীজনীক সকলোৱে চিনি পায়, তুমিও পাবা চাগে?তৰুলতা হাজৰিকা ,প্ৰফেছাৰ।"

         বৃদ্ধা গৰাকীৰ হাতত কেইটামান টকা গুজি দি নন্দিনীয়ে তেওঁক বিদায় দিলে।তেওঁ ঠিকেই কৈছে।হয় তাই তৰুলতা হাজৰিকা ক ভালকৈয়ে চিনি পায়।স্থানীয় কলেজ খনৰ প্ৰবক্তা,সমাজ সেৱিকা।কেইদিনমান আগতে নন্দিনীহতঁৰ গাঁৱত হোৱা অন্ধবিশ্বাসৰ সম্পৰ্কত সজাগতা সভা খনত তেওঁ বহুতো ভাল ভাল কথাৰে বক্তৃতা আগবঢ়াইছিল।


                           _________

Tuesday, January 26, 2021

অণু গল্প


                                (১)

#নৈপৰীয়াৰ দুখ


       আনদিনাৰ দৰে আজিও নৈৰ পাৰৰ সেই নিৰ্দিষ্ট ঠাইখিনিত বহি নৈখনৰ বুকুলৈ উদাসভাৱে চাই ৰ'ল অন্তৰাই।

জন্মৰে পৰা চিনাকি ,সিহঁতৰ প্ৰতিটো সুখ-দুখৰ নীৰৱ সাক্ষী এই নদী।কিন্তু সিহঁতৰ অতিকৈ চিনাকি এই নৈখন বাৰিষা সিহঁতৰ বাবে সম্পূৰ্ণ অচিনাকি হৈ পৰে।ফেনে -ফোটোকাৰে ওফন্দি উঠা এই নৈখনেই কিমানৰ জীৱনলৈ যে সর্বনাশ মাতি আনিছে।তাইৰ দৰে কিমানৰ জীৱনৰ পৰা যে কাঢ়ি নিছে নিজৰ আপোনজনক।


              আজিৰ পৰা দুবছৰৰ আগৰ সেই দিনটোটো তাই এই ঠাইতেই বহি নৈত উটি অহা কাঠ ধৰিবলৈ যোৱা দেউতাকলৈ অপেক্ষা কৰিছিল ।কিন্তু ঘূৰি আহি তাইক কলেজত এডমিছন দিবলৈ লৈ যাব বুলি কথা দি যোৱা দেউতাক জন আৰু কেতিয়াও ঘূৰি নাহিল।তাইৰ চকুৰ আগতে ভৰা নৈৰ পছন্দ চাকনৈয়াত হেৰাই গ'ল তাইৰ দেউতাক।হেৰাই গ'ল তাইৰ সমস্ত সপোন।

                            ––––––


                              (২)

                         নৱ-জীৱন


       চলন্ত বাছখনৰ খিৰিকীৰে বাহিৰলৈ চাই চাই নিজৰ মাজতে মগন হ'ল তাই। নতুন জীৱনৰ প্ৰাকক্ষণত তাইৰ চকুৰ আগত ভাহি আহিল এৰি অহা দিনবোৰৰ টুকুৰা টুকুৰা কিছুমান ছবি।মাক-দেউতাকৰ অকাল মৃত্যুৰ পৰা আৰম্ভ কৰি সম্পৰ্কীয় মোমায়েকৰ বিশ্বাসঘাটকতা, উজ্জ্বল প্ৰসাধনেৰে ঢাকি ৰখা জয়া, চন্দ্ৰা, নিশা হতঁৰ বিবৰ্ণ আৰু অসহায় মুখবোৰ, মমতা দিদিৰ কঠোৰ আৰু নিলাজ গালিবোৰ, প্ৰতিদিনে সিহঁত আগত ধৰা দিয়া মুখাৰ আঁৰৰ মুখবোৰ আৰু ক'ত যে কি বিভৎস সময়।


            হঠাতে তাইৰ হাতত এখন হাতৰ স্পৰ্শ অনুভৱ কৰিলে।এই হাত মৰমৰ, নিৰাপত্তাৰ।এইখন হাতত ধৰিয়েই তাই ওলাই আহিছে এখন নৰকৰ পৰা এটা নতুন জীৱনলৈ।হাতখন তাই মৰমেৰে দুহাতৰ মাজত তুলি ধৰিলে।দুচকুত তাইৰ নতুন জীৱনৰ এটি মধুৰ স্বপ্ন জলমলাই উঠিল।


নাৰী-পৃথিৱীৰ শ্ৰেষ্ঠতম কবিতা



            নাৰী  ...পৃথিৱীৰ শ্রেষ্টতম কবিতা।


            নাৰী…..পৃথিৱীৰ শ্ৰেষ্ঠতম কবিতা।সৌন্দৰ্যৰ আকৰ।নাৰী অবিহনে জানো পৃথিৱীৰ  সৃষ্টিৰ সম্ভাৱনাক কল্পনা কৰিব পাৰি?প্ৰকৃততে পৃথিৱীখনক যিয়ে ইমান বৈচিত্ৰময় কৰি ৰাখিব পাৰিছে তাৰ ভিতৰত নাৰীও অন্যতম।নাৰী তেজস্বীনী।নাৰীৰ সৌন্দৰ্যই কোনো সৃষ্টিকাৰী লিখকৰ লিখনিৰ আধাৰ হৈ পৰে,কোনো শিল্পীৰ হৈ পৰে তুলিকা।নাৰী মানেই যেন ত্যাগৰ প্ৰতিমূৰ্তি..।প্ৰতিগৰাকী নাৰীয়েই জন্মৰে পৰা গাত মেৰিয়াই লয় ত্যাগৰ একো একোটা মহান চোলা...।


              নাৰীৰ  সৌন্দৰ্যত দেহৰ সৌন্দৰ্যৰ লগতে মনৰ সৌন্দৰ্য তথা ব্যক্তিত্ব, বুদ্ধিমত্তা, সৃজনীশীলতা আদি সাঙোৰ খাই আছে।এগৰাকী নাৰীৰ মাজত লুকাই থাকে প্ৰচুৰ বুদ্ধিমত্তা আৰু সৃজনীশীলতা।অন্যহাতে প্ৰতিটো মহান সৃষ্টিৰ আঁৰটো লুকাই থাকে একোগৰাকী নাৰী।কেৱল দৈহিক ভাবে সুন্দৰ হলেই এগৰাকী নাৰী সুন্দৰ হব নোৱাৰে।নাৰী সৌন্দৰ্যৰ মূল আধাৰ হল এটি সুন্দৰ মন আৰু ব্যক্তিত্ব।প্ৰখৰ মেধা আৰু বুদ্ধিমত্তাৰ ফলত আজিৰ নাৰী উন্নতিৰ শিখৰত আৰোহণ কৰিছে।অমৃতা প্ৰীতম, মহাশ্বেতা দেৱী, টছলিমা নাচৰিন, মেধা পাটকাৰ আদিৰ দৰে নাৰীয়ে তাৰুণ্য বজাই ৰাখিছে।যত দেহৰ সৌন্দৰ্যতকৈ মনৰ সৌন্দৰ্যই হে প্ৰাধান্য পাইছে।সেয়ে হয়তো কবিৰ কলমেৰে নিগৰিছে

    "  তৰা বিলাক আকাশৰ কবিতা।

     পৃথিৱীৰ কবিতা নাৰী।".....

গ্ৰন্থ পঢ়াৰ অনুভৱ



#গ্ৰন্থ পঢ়াৰ অনুভৱ
---------------------------
গ্ৰন্থৰ নাম:-অৰুন্ধতী
লেখিকা:মনিকুন্তলা ভট্টাচাৰ্য


          অসমীয়া সাহিত্য জগতৰ প্ৰসিদ্ধ ঔপন্যাসিক, কবি তথা গল্পকাৰ মনিকুন্তলা ভট্টাচাৰ্যৰ প্ৰথম উপন্যাস"অৰুন্ধতী" এখনি বহুলভাৱে জনপ্ৰিয় নাৰী কেন্দ্ৰিক উপন্যাস।"অৰুন্ধতী"প্ৰধানকৈ নাৰীৰ মনস্তত্বৰ এক গভীৰ আৰু সংবেদনশীল বিশ্লেষণ।উপন্যাস খনৰ কাহিনী উপস্থাপন, চৰিত্ৰ চিত্ৰণ আৰু ভাষা প্ৰয়োগৰ সৱলীলতাই কাহিনীভাগক অধিক মনোগ্ৰাহী কৰি তুলিছে।উপন্যাস খনৰ মূল চৰিত্ৰ অনন্যা এগৰাকী বিবাহ বিচ্ছেদিত নাৰী, যি স্বামীৰ দ্বাৰা অৱহেলিত, পৰিত্যক্ত হৈও স্বামীৰ সৈতে পুনৰ মিলনৰ সপোন দেখিছে।যি অহৰহ প্ৰয়াস কৰিছে কৰ্দম ঋষিৰ কন্যা আৰু বশিষ্ঠ ঋষিৰ পতিব্ৰতা স্ত্ৰী মহাসতী অৰুন্ধতী হোৱাৰ।বিচ্ছেদৰ পাছতো অনন্যাই স্বামীৰ কুশল কামনাৰে শিৰত আঁকি লৈছে সেন্দুৰৰ ৰেখা।

       উপন্যাস খনৰ মূল চৰিত্ৰ অনন্যাৰ লগতে অনন্যাৰ স্বামী, মেজৰ খোৰাণা,কুমাৰ চাহাব,বিজয় কুমাৰ,হৃদয়, বুনমাহী আদি চৰিত্ৰ সমূহো লেখিকাই সুন্দৰ ভাবে উপস্থাপন কৰিছে।আৰক্ষী বিভাগৰ উচ্চপদস্থ বিষয়া অনন্যাৰ স্বামীৰ অনন্যাৰ প্ৰতি চৰম অৱহেলাৰ বিপৰীতে স্বামীৰ বন্ধু মেজৰ খোৰাণা আৰু কুমাৰ চাহাবৰ উপস্থিতি ৰে অনন্যাৰ নিৰস সময় খিনি সজীৱ হৈ উঠিছে।স্বামীৰ অত্যধিক মদ্যপান আৰু শাৰীৰিক অত্যাচাৰত অনন্যাই নিৰাপত্তা হীনতাত ভুগিছে।স্বামীৰ ওচৰত এটি সন্তান ভিক্ষা কৰিও তাই স্বামীৰ পৰা কৰ্কথনা শুনিব লগা হৈছে।ঠিক তেনে সময়তে অনন্যাৰ পিতৃ বিয়োগ হোৱাত অত্যন্ত দুখী আৰু অন্যমনস্ক হৈ পৰা অনন্যাক স্বামীয়ে তাইক সান্তনা দিয়াৰ সলনি সেয়া তেওঁৰ প্ৰতি অৱহেলা বুলি ভাবি অধিক মনোকষ্ট দিবলৈ আৰম্ভ কৰে যাৰ পৰিণতিত অনন্যা স্বামীৰ পৰা আঁতৰি আহে।
          বিচ্ছেদৰ পাছত মাকৰ ঘৰলৈ উভতি অহা অনন্যাই দাম্পত্য জীৱনৰ তিক্ততা খিনি  "এলজোলাম"ৰ সহায়ত  একাষৰীয়া কৰি কলম তুলি লয় আৰু তেওঁৰ কাপেৰে নিগৰি  ওলোৱা লিখনিয়ে এচাম সংবেদনশীল পাঠকৰ সৃষ্টি কৰে।তেনে পাঠকৰে এজন বিজয় কুমাৰে তেওঁক প্ৰেম নিবেদন কৰে।কিন্তু অতি আবেগপ্ৰবন উপন্যাসৰ নায়িকাই সেইজন প্ৰেম প্ৰাৰ্থীকে সন্তানৰ ৰূপত কল্পনা কৰি হাহাকাৰ কৰি উঠিছে।ইয়াৰ মাজতে তেওঁ মানসিক চাপৰ পৰা মুক্তি পাবৰ বাবে 'ৰেইকী'ৰো আশ্ৰয় লৈছে।ঠিক সেই সময়তে তেওঁ চিনাকি হৈছিল সেই সময়ৰ সাহিত্য সভাৰ সভাপতি, বৰ্ষীয়ান সাহিত্যিক এগৰাকীৰ সৈতে।সাহিত্যিক গৰাকীৰ মাজত মৃত পিতৃৰ সান্নিধ্য বিচাৰি হাহাকাৰ কৰিছে।সেই সাহিত্যিক জনাই আবিষ্কাৰ কৰিলে অনন্যা ফ্ৰয়েডৰ "ইলেক্ট্ৰা কমপ্লেক্স"ত ভুগিবলৈ আৰম্ভ কৰিছে।আৰু তেওঁ ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবেই পুনৰ বিবাহৰ পৰামৰ্শ দিয়ে।সাহিত্যিক গৰাকীৰ মতে অনন্যাৰ আশে-পাশে সকলো সময়তে ছাঁৰ দৰে থকা কুমাৰ চাহাবৰ সৈতে বিবাহ হ'লেই তেওঁ সুখী হ'ব।কিন্তু অনন্যাই কুমাৰ চাহাবক স্বামী ৰূপত মানি ল'বলৈ টান পাইছে।এই প্ৰসংগত নায়িকাই কৈছে-"স্বামীৰ দৰেই কুমাৰৰ সৈতেও সুখী হব পৰা কোনো পথ মই দেখা পোৱা নাছিলোঁ।সেয়ে মই হৃদয়কে গুৰুত্ব দিলোঁ।দৰাচলতে প্ৰেম হব লাগে হৃদয় আৰু মস্তিষ্কৰ সন্মিলিত এক বিবেকীয় বিনম্ৰ আকুলতা।"
        
জীৱনৰ বীক্ষণ -দৰ্শন ঘুৰ্মুটিয়াই ফুৰা সেই দিনবোৰতেই অনন্যাৰ জীৱনলৈ  পয়গম্বৰৰ ৰূপত আহিছিল এক ঈশ্বৰ পুত্ৰ হৃদয়।সপোন, কল্পনা আৰু আকাংক্ষাৰ মানুহজনক বিচাৰি পায় অৱশেষত তেওঁৰ কাষত জিৰাবলৈ মেলি ধৰিছিল চামিয়ানা।
       "অৰুন্ধতী' উপন্যাস খনিত লেখিকাই প্ৰতিটো চৰিত্ৰই নিখুঁত ভাবে উপস্থাপন কৰিছে।যথাৰ্থ ভাষা প্ৰয়োগৰ সাৱলীলতাই উপন্যাস খনিক অধিক মনোগ্ৰাহী কৰি তুলিছে। লেখিকাৰ মতে জীৱনৰ নানান সংঘাতে আনি দিয়া দুখ, কষ্ট সহিও আগুৱাই যায় মানুহ কাৰণ প্ৰত্যেক মানুহৰ অন্তেষপুৰত পোহৰ থাকে।যি পোহৰেৰে মানুহ নদীৰ দৰে প্ৰবাহমান, সময়ৰ দৰে গতিশীল আৰু সভ্যতাৰ দৰে ভগ্নস্তূপৰ ওপৰতে নিৰ্মিত হ'ব পাৰে বাৰম্বাৰ।সেয়ে লেখিকাই লিখিছে"জীৱনৰ কোনো মহৎ চিন্তাই অপূৰ্ণ আৰু অসফল হৈ নৰয়।তাৰ বাবে লাগে ধৈৰ্য, নিষ্ঠা আৰু নিজৰ প্ৰতিয়েই প্ৰবল প্ৰত্যয়।"।ইয়াৰ দ্বাৰা লেখিকাগৰাকীৰ গভীৰ জীৱন বোধৰ উমান পাব পাৰি।লেখিকাৰ বাস্তৱ মূখী আৰু সূক্ষ্ম চিন্তাধাৰাই চৰিত্ৰ সমূহ মানুহৰ মাজলৈ সুমুৱাই দিয়াত লেখিকা সফল হৈছে।খুব কম সময়তে অসমীয়া সাহিত্য জগতত এক নিজস্ব পৰিচয় দাঙি ধৰা"অৰুন্ধতী"নিঃসন্দেহে এক জনপ্ৰিয় উপন্যাস।

✍মৌচুমী কলিতা

চুটিগল্প

চুটিগল্প:-জীৱনৰ ৰং               চৰম দুৰ্যোগৰ সেই দিনবোৰতে তেওঁ আহিছিল মোৰ জীৱনলৈ।ভাঙি পৰা মইজনীক তুলি ধৰিছিল আলফুলকৈ।ক'ব নোৱাৰাকৈয়ে মই ...